নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসজাগতাৰ বাবে এইবাৰ ‘৯০ৰ দশকৰ দূৰদৰ্শনৰ ক্লাছিক বিজ্ঞাপন

বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ … য়েহ নহী, ৱো…। ‘৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপনে এইকেইদিন যথেষ্ট চৰ্চা লাভ কৰিছে। চকচকীয়া বগা শাড়ী পৰিপাটিকৈ পিন্ধি গাড়ীৰ পৰা নামি দোকানলৈ গৈ দিপীকা চিখলিয়াই নিৰ্মা ছুপাৰ ডিটাৰজেণ্ট বিচৰা জনপ্ৰিয় বিজ্ঞাপনটো সময়ৰ লগে লগে মানুহে পাহৰিছিল। কিন্তু সেইটোৰ পুনৰ নিৰ্মাণে প্ৰায় ৩০ বছৰ আগৰ পুৰণি দিনৰ স্মৃতি জীপাল কৰিছে।

 

View this post on Instagram

 

A post shared by Mumbai Police (@mumbaipolice)

অভিনেত্ৰী কৰিশ্মা কাপুৰে ক্ৰেডিটকাৰ্ড মেনেজমেণ্ট প্লেটফ’ৰ্ম ক্ৰেডৰ বিজ্ঞাপনৰ বাবে উক্ত পুৰণি বিজ্ঞাপনটো পুনৰ নিৰ্মাণ কৰাৰ পাছত এইবাৰ জনসজাগতাৰ বাবে সেইটোকে ব্যৱহাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই আৰক্ষীৰ ছ’চিয়েল মিডিয়া পেজটো খুবেই সক্ৰিয় বুলি জনাজাত। সৃজনশীল পদ্ধতিৰে জনসজাগতা কাৰ্যসূচী গ্ৰহণ কৰে তেওঁলোকে। পথত ছাইবাৰ সুৰক্ষাৰ কথা জনাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিলে নিৰ্মা ডিটাৰজেণ্টৰ পুৰণি বিজ্ঞাপনটোকে। Sabki Pasand Strong Passwords! বাকী নিৰ্মাৰ মূল বিজ্ঞাপনটোৰ পৰিৱেশ, বাক্য, ধাৰা একেই ৰখা হৈছে নতুন বিজ্ঞাপনত।

You might also like