ডাউদৰ দূৰ্গত কোন নতুন ‘লেডী ডন’
বিশেষ বাৰ্তা, ২৯ জানুৱাৰীঃ মুম্বাইৰ আণ্ডাৰৱার্ল্ড বুলিলেই ডাউদ ইব্রাহীমৰ নামটোৱে প্ৰথমে উচ্চাৰিত হয়। এসময়ত চহৰখনৰ সকলো এলেকাত ডাউদৰ দাদাগিৰি চলিছিল। মুম্বাইৰ যি এলেকাত ডাউদৰ সম্পত্তি আছে, এতিয়া সেই এলেকা ২২বছৰীয়া এজনী যুৱতীৰ নিয়ন্ত্ৰণত। এই এলেকাৰ পৰাই গোটেই মুম্বাইৰ নেটৱর্ক চলাইছে।
নাম ইকৰা কুৰেছী। মুম্বাইৰ যি কুখ্যাত এলেকাৰ পৰা অপৰাধ জগতৰ নেটৱর্ক পৰিচালনা কৰা হয়, ইকৰাই সেই এলেকাতেই সুৰা-ড্ৰাগছৰ ব্যৱসায়ৰে নিজৰ প্রাধান্য বিস্তাৰ কৰিছে। সেই এলেকাৰ ‘ড্রাগ কুইন’বুলি জনাজাত ইকৰা। বহুতে কয় ইকৰাৰ পাঁচ বছৰীয়া এটি সন্তান আছে। কিন্তু কোনেও যদি সেই কথা কোৱা শুনে তেন্তে সেইজনক আক্ৰমণ কৰিবলৈও দ্বিধাবোধ নকৰে ইকৰাই। অনলাইনৰে সুৰা-ড্ৰাগছৰ ব্যৱসায় চলায় ইকৰাই। ইনষ্টাগ্রামৰ মাধ্যমেৰে অবৈধ ব্যৱসায় চলাই আহিছে। আৰক্ষী সূত্রৰ খবৰ অনুসৰি, প্রথমে ইনষ্টাগ্রামৰ মাধ্যমেৰে নতুন গ্রাহক জোগাৰ কৰে, তাৰ পাছত সেই গ্ৰাহকজনৰ কাষত মহিলাৰ জৰিয়তে সামগ্ৰী পঠিয়াই দিয়ে। ইকৰাৰ সুৰা-ড্ৰাগছৰ নেটৱর্ক চলাবলৈ মহিলাৰ এটি দল আছে, যিয়ে মুম্বাইৰ বাৰ তথা ডিস্কোত সুৰা-ড্ৰাগছ সৰবৰাহ কৰে। আৰক্ষীৰ চকুত ধুলি চতিয়াবলৈ এটা ফোন ২-৪ দিনৰ বেছি ব্যৱহাৰ নকৰে ইকৰাই।