নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত হিন্দুৰ মন্দিৰৰ বাবে মুছলমান ব্যৱসায়ীৰ ভূমি দান

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ কর্ণাটকৰ ৰাজধানী বাংগালুৰুৰ এগৰাকী মুছলমান ব্যৱসায়ীয়ে নিজ ভূমিৰ এটা অংশ প্রতিৱেশী হিন্দুসকললৈ মন্দিৰ পুনৰ নির্মাণৰ বাবে দান কৰি ছ’চিয়েল মিডিয়াত বিভিন্ন মহলৰ প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ বাংগালুৰুৰ কাডুগড়িৰ এইচ এম জি বাছাই শেহতীয়াকৈ অঞ্জনেয়া স্বামী মন্দিৰ নির্মাণৰ বাবে প্রায় ৮০ লাখ টকা মূল্যৰ ভূমি দান কৰিছে প্রতিৱেশী হিন্দু লোকসকলক৷ এই ভূমি দান কৰা হৈছে বাংগালুৰু–হছক’টে ৰাষ্ট্রীয় ঘাইপথৰ সমীপত৷ ৬৫ বছৰীয়া ব্যৱসায়ীগৰাকীয়ে তেওঁৰ তিনি একৰ ভূমিৰ সমীপৰ এটা সৰু হনুমান মন্দিৰলৈ অহা ভক্তসকলৰ যন্ত্রণা প্রত্যক্ষ কৰিয়েই এই ভূমি দান কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷

You might also like