নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু শ্মশানত শ্মশান ৰক্ষক ৰূপে এগৰাকী মুছলমান মহিলা

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ শ্মশানত সদায় ৰাতিপুৱা চাকি জ্বলোৱাৰ সময়ত আৰু মৃতক আহিপোৱালৈ অপেক্ষা কৰি থাকোতে, সুবীনা ৰহমানে কেতিয়াও তাইৰ ধৰ্মৰ কথা নাভাবে।

এই কাম কৰি থকা মুছলমান মহিলাগৰাকীয়ে এতিয়া যিকোনো লোকতকৈ ভালদৰে জানে যে মৃত লোকৰ কোনো ধৰ্ম নাই আৰু অন্তিম যাত্ৰাৰ সময়ত সকলোৱে অকলশৰীয়া আৰু খালী হাতেৰে যায়।

বিগত তিনি বছৰ ধৰি কেন্দ্ৰীয় কেৰালা জিলাৰ ইৰিঞ্জালাকুদাৰ (Irinjalakuda) এটা হিন্দু শ্মশানত শ্মশান ৰক্ষক হিচাপে কাম কৰি থকা এই মহিলাগৰাকীয়ে কয় যে তেওঁ এতিয়ালৈকে ২৫০ তকৈও অধিক ক’ভিড পজিটিভ লোককে ধৰি শ শ মৃতদেহ সৎকাৰ কৰিছে।

আনকি মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত ক’ভিড পীড়িতসকলৰ মৃতদেহ একেলগে সৎকাৰ কৰাৰ সময়ত পি.পি.ই. কিটত ঘন্টাৰ পিছত ঘণ্টা ধৰি থাকিবলগীয়া হৈছিল। কিন্তু সেই সময়ত তেওঁ কেতিয়াও ধৰ্ম বা বিশ্বাসৰ বাধা অবিহনে নিজৰ ধৰণে মৃতকৰ বিদেহী আত্মাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পাহৰি যোৱা নাছিল।

উল্লেখ্য যে সাধাৰণতে পুৰুষৰ দ্বাৰাও সম্ভৱ হৈ নুঠা এই অদ্ভুত কাম কৰা ৰহমানক দক্ষিণৰ ৰাজ্যখনত এই বৃত্তি গ্ৰহণ কৰা মুছলমান সম্প্ৰদায়ৰ প্ৰথম গৰাকী মহিলা বুলি গণ্য কৰা হৈছে।

সুবীনা ৰহমানে কয়- “মই এতিয়া সম্পূৰ্ণৰূপে অৱগত যে আমি মৃত্যুক জয় কৰিব নোৱাৰো। ই আমাৰ সকলোৰে ওচৰলৈ আহিব। যদি আমি জন্ম গ্ৰহণ কৰোঁ, তেন্তে মৃত্যুও নিশ্চিত। ইয়াৰ পৰা কোনো পলায়ন কৰিব নোৱাৰে।”

 

You might also like