নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দিল্লীস্থিত এইমছত ক’ভিড-১৯ ভেকছিনৰ দ্বিতীয়টো পালি গ্ৰহণ কৰে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে শীঘ্ৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত জিকিবলৈ সকলো লোককে টিকাকৰণ কৰাৰ আহ্বান জনায়।
তেওঁ টুইট কৰি কয়, “আজি এইমছত ক’ভিড-১৯ ভেকছিনৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিলোঁ। ভাইৰাছক পৰাস্ত কৰাৰ উপায়সমূহৰ ভিতৰত টিকাকৰণো হৈছে এটা উপায়। যদি আপুনি ভেকছিনৰ বাবে যোগ্য, আপুনি যিমান সোনকালে পাৰে টিকাকৰণ কৰাওক। CoWin.gov.in. পঞ্জীয়ন কৰক।”
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১ মাৰ্চত ক’ভিড ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিছিল।
Got my second dose of the COVID-19 vaccine at AIIMS today.
Vaccination is among the few ways we have, to defeat the virus.
If you are eligible for the vaccine, get your shot soon. Register on https://t.co/hXdLpmaYSP. pic.twitter.com/XZzv6ULdan
— Narendra Modi (@narendramodi) April 8, 2021