নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী বিস্ফোৰণে সলনি কৰিছে বেইৰুটৰ মানচিত্র

মার্কিন গৱেষণা সংস্থা নাছাৰ চাঞ্চল্যকৰ তথ্য

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ লেবাননৰ ৰাজধানী বেইৰুটৰ বন্দৰ অঞ্চলৰ এম’নিয়াম নাইট্রেটৰ গুদামত সংঘটিত বিধ্বংসী বিস্ফোৰণৰ ফলত চহৰখন বিধ্বস্ত হোৱা ঘটনাৰ পাছত মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই মুকলি কৰিছে এলানি আলোকচিত্র৷

নাছাৰ তথ্য অনুসৰি মহাকাশ গৱেষণা সংস্থাটোৱে বেইৰুটক লৈ অঁকা মানচিত্র বিধ্বস্ত হৈছে এই বিস্ফোৰণত৷ সংস্থাটোৰ এডভান্সড ৰেপিড ইমেজ ইন এনালাইছিছ (এ আৰ আই এ) গোট আৰু ছিংগাপুৰৰ আর্ট অবজাৰভেটৰীয়ে উপগ্রহ ছবিৰ পৰা বেইৰুটৰ মানচিত্রৰ ক্ষতি হোৱা তথ্য প্রকাশ কৰিছে৷

উল্লেখনীয় যে এক বিধ্বংসী ভূমিকম্পৰ পাছত যেনেদৰে কোনো ভূখণ্ডৰ মানচিত্র সলনি হৈ পৰে, এই বিস্ফোৰণৰ পাছত বেইৰুটৰ মানচিত্র সলনি হোৱা বুলি নাছাৰ ৰাডাৰ তথ্যৰ পৰা নিশ্চিত কৰা হৈছে৷ বেইৰুটৰ বন্দৰত এতিয়া ধ্বংসস্তূপত কেৱল অন্ধকাৰ ছবি দেখিবলৈ পাইছে নাছাৰ উপগ্রহই৷

নাছাৰ তথ্য অনুসৰি বিস্ফোৰণস্থলীৰ পৰা ৩০ মিটাৰ দূৰত্বলৈ ভৌগোলিক পৰিস্থিতি সলনি হৈছে বেইৰুটত৷ স্মর্তব্য যে যোৱা মঙলবাৰে বেইৰুটৰ বন্দৰ অঞ্চলত অসুৰক্ষিত অৱস্থাত থকা ২,৭৫০ টন এম’নিয়াম নাইট্রেটৰ গুদামত সংঘটিত হৈছিল বিস্ফোৰণ৷ এই বিস্ফোৰণৰ ফলত ডেৰ শতাধিক লোক নিহত হোৱাৰ উপৰি ৫ সহস্রাধিক গুৰুতৰভাৱে আহত হয়৷

You might also like