নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসেনাৰ বিধায়কক গ্রেপ্তাৰৰ দাবী ৰাষ্ট্রীয় মহিলা আয়োগৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ মুম্বাইত পাকিস্তান অধিকৃত কাশ্মীৰৰ লেখিয়া অনুভৱ হয় বুলি বিতর্কিত মন্তব্য কৰা বলীউড অভিনেত্রী কংগনা ৰানাৱটক চৰিওৱাৰ ভাবুকি দিয়া শিৱসেনাৰ বিধায়ক প্রতাপ ছাৰনাইকক শীঘ্রে গ্রেপ্তাৰ দাবী কৰিছে ৰাষ্ট্রীয় মহিলা আয়োগে৷

আয়োগৰ অধ্যক্ষ ৰেখা শর্মাই টুইটযোগে অভিনেত্রী কংগনাক ভাবুকি দিয়া শিৱসেনাৰ বিধায়ক প্রতাপক গ্রেপ্তাৰৰ দাবী জনায়৷ মুম্বাই আৰক্ষীয়ে বক্তব্যৰ প্রাৰম্ভিক আধাৰতে বিধায়কগৰাকীক গ্রেপ্তাৰ কৰিব লাগে৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপিৰ সমর্থক অভিনেত্রী কংগনাই কংগ্রেছ–শিৱসেনা–এন্ চি পি চৰকাৰক অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে৷

আনকি চৰকাৰখনৰ লগতে মুম্বাই আৰক্ষীকো এই গোচৰৰ তদন্তক লৈ সমালোচনা কৰি আহিছে অভিনেত্রীগৰাকীয়ে৷ উল্লেখ্য যে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে অভিনেত্রীগৰাকীক মুম্বাইলৈ অহাত বাধা–নিষেধ কৰি এই সন্দর্ভত মুম্বাই আৰক্ষীক ইতিকিং কৰাৰ বাবে গৃহ মন্ত্রালয়ক পদক্ষেপ গ্রহণৰ দাবী জনাইছে৷ কিন্তু অভিনেত্রীগৰাকীয়ে সাংসদগৰাকীক প্রত্যাহ্বান জনাই ৯ ছেপ্টেম্বৰত মুম্বাইত উপস্থিত হ’ম বুলি প্রকাশ কৰাৰ লগে লগে বিষয়টো বিতর্কত সাঙোৰ খাই পৰে৷

You might also like