নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ বিৰুদ্ধে পৰমাণু অস্ত্র ব্যৱহাৰৰ প্রস্তুতি চলাইছে নাটোৱে

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ গোপনে ৰাছিয়াৰ বিৰুদ্ধে পৰমাণু যুদ্ধৰ প্রস্তুতি চলাব পাৰে নাটোৱে৷ শেহতীয়াকৈ স্কটলেণ্ডৰ ৰাজধানী গ্লাছগোৰ পথত এক সামৰিক বাহনৰ কনভয়ক লৈ সৃষ্টি হৈছে এই সন্দেহ৷ এই কনভয়ৰ মাজত আছিল ৪খন ট্রাক৷ ট্রাকসমূহত পাৰমাণৱিক ক্ষেপণাস্ত্র আছিল বুলি দাবী কৰিছে নিউকৱাটচ নামৰ এক সংস্থাই৷ পৰমাণু অস্ত্রবিৰোধী এই সংস্থাটোৱে নাটো সদস্য দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে গণবিধ্বংসী অস্ত্র প্রয়োগেৰে যুদ্ধ কৰিবলৈ প্রস্তুতি চলোৱা বুলি দাবী কৰাৰ লগে লগে বিষয়টোক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে চাঞ্চল্য৷

শুকুৰবাৰে গ্লাছগোৰ দক্ষিণ প্রান্তৰ পথত এই সামৰিক বাহনৰ কনভয় দেখিবলৈ পোৱা গৈছিল৷ সংস্থাটোৱে ধাৰণা কৰা অনুসৰি ৪খন ট্রাকত পাৰমাণৱিক ক্ষেপণাস্ত্র ৰয়েল নৌবাহিনীৰ দপ্তৰলৈ লৈ যোৱা হৈছে৷ সম্প্রতি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধক লৈ উত্তপ্ত হৈ আছে ইউৰোপ৷ এনে পৰিস্থিতিত নাটো সদস্য দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে বৃহৎ যুদ্ধৰ বাবে পৰমাণু অস্ত্র মজুত কৰা বুলি নিউকৱাটচে ধাৰণা কৰিছে৷ অৱশ্যে সংস্থাটোৰ এই দাবী সন্দর্ভত ইউৰোপীয় কোনো দেশে এতিয়ালৈকে প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like