নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবত ৭ মন্ত্রীৰ আছে অপৰাধৰ গোচৰ; ৯গৰাকী মন্ত্রী কোটিপতি

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ পঞ্জাবত আপ চৰকাৰৰ নৱগঠিত মন্ত্রীসভাৰ ১১গৰাকী সদস্যৰ ভিতৰত ৭গৰাকীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ৷ ইয়াৰে ৪গৰাকী গুৰুতৰ অপৰাধৰ অভিযোগৰ সন্মুখীন হৈছে৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷

লক্ষণীয়ভাৱে পঞ্জাব ইলেকচন ৱাটচৰ তৰফৰ পৰাও অনুৰূপ তথ্য সদৰী কৰা হৈছে৷ ইফালে পঞ্জাব মন্ত্রীসভাত স্থান পোৱা এই ১১গৰাকী সদস্যৰ ৯গৰাকী হৈছে কোটিপতি৷ তেওঁলোকৰ গড় সম্পত্তিৰ পৰিমাণ হৈছে ২.৮৭ কোটি টকা৷ আটাইতকৈ ধনী মন্ত্রীগৰাকী হ’ল হোছিয়াৰপুৰৰ ব্রাম শংকৰ৷ তেওঁৰ মুঠ সম্পত্তি ৮.৫৬ কোটি টকা৷ ইফালে, মন্ত্রীসভাত স্থান পোৱা আটাইতকৈ দুখীয়া বিধায়কগৰাকী হৈছে লাল চান্দ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৬.১৯ লাখ টকা৷

You might also like