সিদ্ধুৰ নতুন পৰিচয় কয়দী নম্বৰ ২৪১৩৮৩, জেলত লগ পাইছে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বীক
বিশেষ বাৰ্তা, ২১ মেঃ প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছৰ নেতা নৱজ্যোত সিং সিদ্ধু এতিয়া পঞ্জাৱৰ পাটিয়ালা জেলৰ কয়দী নম্বৰ ২৪১৩৮৩। তিনি দশক পুৰণি হত্য়াৰ গোচৰ এটাত উচ্চতম ন্যায়ালয়ে এবছৰৰ কাৰাদণ্ড দিয়াৰ ২৪ ঘণ্টাৰ পাছতে শুকুৰবাৰে পাটিয়ালাৰ এখন আদালতত আত্মসমৰ্পণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। আন এজন হাইপ্ৰফাইল বন্দী তথা সিদ্ধুৰ প্ৰতিদ্বন্দ্বী শিৰোমণি আকালি দলৰ নেতা বিক্ৰম সিং মাজিথিয়াও একেখন কাৰাগাৰতে আছে। ড্ৰাগছৰ গোচৰত কাৰাগাৰত থকা বিক্ৰম মাজিথিয়াই ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত অমৃতসৰ পূবৰ পৰা সিদ্ধুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছিল। এই নিৰ্বাচনত আপৰ জীৱনজ্যোত কৌৰৰ হাতত পৰাস্ত হয় দুয়োজন নেতাই। ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাটিয়ালাৰ বাসিন্দা গুৰনাম সিঙৰ সৈতে পাৰ্কিং স্পটক লৈ সিদ্ধুৰ কাজিয়া হৈছিল। সিদ্ধু আৰু তেওঁৰ বন্ধু ৰূপিন্দৰ সিং সিন্ধুই গুৰনাম সিঙক গাড়ীৰ পৰা টানি উলিয়াই খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে। পিছত চিকিৎসালয়ত মানুহজনৰ মৃত্যু হৈছিল।