নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ নৱজোৎ সিদ্ধুৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধুৱে আজি পদত্যাগ কৰে। নৱজোৎ সিং সিদ্ধুৱে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ এখন পত্ৰ লিখি পদত্যাগ পত্ৰ দাখিল কৰিছে। দৰাচলতে, পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মঙলবাৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে এই ৰাজ্যসমূহৰ কংগ্ৰেছ দলৰ মুৰব্বীসকলৰ পদত্যাগ বিচাৰিছিল। যাৰ পিছত নৱজোৎ সিং সিদ্ধুৱে আজি তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে।

নৱজোৎ সিং সিদ্ধুৱে টুইটাৰযোগে ছোনিয়া গান্ধীক তেওঁৰ পদত্যাগৰ ফটো শ্বেয়াৰ কৰি লিখিছে, “কংগ্ৰেছ অধ্যক্ষৰ ইচ্ছা অনুসৰি, মই মোৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ।”

উল্লেখ্য যে পঞ্জাৱ বিধানসভা নিৰ্বাচন ২০২২ত, কংগ্ৰেছ আপৰ হাতত পৰাজিত হৈছে। পঞ্জাৱৰ ১১৭খন বিধানসভা আসনৰ ভিতৰত কংগ্ৰেছে মাত্ৰ ১৮খন আসন হে জয়ী হবলৈ সক্ষম হৈছে। পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে, দলটোৱে নৱজোৎ সিং সিদ্ধুৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু তেওঁক কংগ্ৰেছৰ পঞ্জাৱ গোটৰ মুৰব্বীৰ দায়িত্ব দিছিল। কিন্তু সিদ্ধুৱে তেওঁৰ দায়িত্ব সঠিকভাৱে পালন কৰিব নোৱাৰিলে যাৰবাবে ৰাজ্যখনত চলিত বিধানসভা নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খাবলগা হ’ল।

You might also like