নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ দিনীয়া কন্যাক চোৱা নহ’ল গলৱানৰ শ্বহীদ কুন্দনৰ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ দেশ মাতৃৰ সেৱা কৰি তেওঁ উছৰ্গা কৰি গ’ল জীৱন। কন্যাৰ মুখখনি চাবলৈ, একোলা ল’বলৈ নাপালে তেওঁ। সীমাবিবাদৰ বিৰামহীন ঘটনাবোৰৰ মাজত সোমবাৰৰ নিশাৰ দুখজনক ঘটনা বলি হ’ল তেওঁ।

গলৱান ঘাটিত শ্বহীদ হোৱা ২০ জোৱানৰ এজন আছিল কুন্দন ওজা। শ্বহীদ কুন্দন ওজা ঝাৰখণ্ডৰ চাহিবগঞ্জ জিলাৰ ডিহাৰী গাঁও নিৱাসী আছিল। বন্ধু-বৰ্গৰ মাজত খুবেই জনপ্ৰিয় কুন্দন মাত্ৰ ৫ মাহ আগেয়ে নিজ গাঁৱলৈ আহিছিল।বিবাহৰ দুবছৰৰ অন্তত ২০ দিন আগেয়ে তেওঁ পিতৃত্বৰ গৌৰৱেৰে বন্দিত হৈছিল।

এটি কন্যা শিশুৰ পিতৃ হৈছিল। ছুটী লৈ কন্যাক এবাৰ চোৱাৰ চিন্তাও কৰিছিল। কিন্তু পিতৃ-কন্যাৰ মিলন নহ’ল, দুই দেশৰ কূটনৈতিক সম্পৰ্কৰ অৱনতিৰ ফল ভোগ কৰিলে কুন্দন ওজাই। কন্যা শিশুটিক এবাৰ চোৱাৰ হেঁপাহ তেওঁৰ লগতে থাকি গ’ল।

You might also like