বন্ধ ১৭খনকৈ ৰে’লৰ চলাচল, পঞ্জাবত কৃষি আইনক লৈ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ভাৰত চৰকাৰে নতুনকৈ জাৰি কৰা কৃষি আইনক লৈ পঞ্জাবত চলি আছে প্ৰতিবাদ। প্ৰতিবাদী পাঞ্জাবীয়ে স্তব্ধ কৰিছে দিছে প্ৰদেশখন। ৰে’লপথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে ঘোষণা কৰিছে যে যেতিয়ালৈ নতুন কৃষি আইনক লৈ চৰকাৰে ইউ টাৰ্ন নলয়, তেতিয়ালৈ চলিব প্ৰতিবাদ। ইয়াকে লৈ ৰে’ল বিভাগে বন্ধ কৰিব লগা হৈছে ১৭খনকৈ ৰে’ল। অসমৰ পৰা যোৱা ডিব্ৰুগড়-লালগড়-ডিব্ৰুগড় ৰে’লৰো পথ সলনি কৰিব লগা হৈছে প্ৰতিবাদৰ বাবে।