নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বামুণীমৈদামত ৰে’ল ইঞ্জিন জব্দ কৰিলে বন বিভাগে

লামডিঙত খুন্দাত মৃত্যু হৈছিল দুটা বন্যহস্তীৰ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ এন এফ ৰে’লৱেৰ বামুণীমৈদামৰ ডিজেল লোকো শ্বেডত কালি বন বিভাগে অভিযান চলাই এটা ৰে’লৰ ইঞ্জিন জব্দ কৰে৷ বন বিভাগ আৰু ৰে’ল বিভাগৰ বিষয়াৰ উপস্থিতিত চলোৱা এই অভিযানত ১২৪৪০ নম্বৰৰ মালবাহী ৰে’লৰ ইঞ্জিনটো জব্দ কৰে৷

বন বিভাগৰ বিষয়াই জানিবলৈ দিয়া মতে যোৱা ২৭ ছেপ্টেম্বৰত মালবাহী ৰে’লখনে লামডিং বনাঞ্চলত দুটা বন্যহস্তী খুন্দিয়াইছিল৷ বন্যপ্রাণী আইন উলংঘাকাৰী ৰে’লখনৰ চালকে মৃত হাতীৰ পোৱালিটো প্রায় ১ কিলোমিটাৰ চোঁচৰাই নিছিল৷

বন বিভাগৰ অভিযোগৰ ভিত্তিত এন এফ ৰে’লৱে কর্তৃপক্ষই ১২৪৪০ নম্বৰৰ ৰে’লৰ ইঞ্জিনটোৰ চালক আৰু সহযোগী চালকক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰিছে৷ লক্ষণীয় যে বন্যহস্তীক খুন্দিয়াই হত্যা কৰাৰ অভিযোগত বন বিভাগে ৰে’লৰ ইঞ্জিন জব্দ কৰাটো ব্যতিক্রমী ঘটনা হিচাপে চর্চা লাভ কৰিছে৷

You might also like