নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ অহা ১২ ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হ’ব নেচনেল ইলিজিবিলিটী কাম এণ্ড্রেন্স টেষ্ট চমুকৈ নীট (আণ্ডাৰগ্রেজুৱেট) ২০২১ পৰীক্ষা৷ আজি সন্ধিয়া পাঁচ বজাৰ পৰা এন টি এৰ (নেচনেল টেষ্টিং এজেন্সী) ৱেবছাইটযোগে আবেদন প্রক্রিয়া আৰম্ভ হ’ব৷ এই ঘোষণা কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ৷
দেশৰ চিকিৎসা বিজ্ঞান পাঠ্যক্রমৰ প্রতিষ্ঠানত নামভর্তিৰ প্রৱেশ পৰীক্ষা নীট ২০২১ পৰীক্ষাৰ দিন টুইটযোগে ঘোষণা কৰি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে ক’ভিড–১৯ প্রট’কল অনুসৰি দেশজুৰি ১২ ছেপ্টেম্বৰত নীট (ইউ জি) ২০২১ অনুষ্ঠিত হ’ব৷ আবেদন প্রক্রিয়া এন টি এ ৱেবছাইটযোগে আজি সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব৷ এন টি এৰ দ্বাৰা পৰিচালিত এই পৰীক্ষাত শিক্ষার্থীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো পদক্ষেপ গ্রহণ কৰা হ’ব৷
ক’ভিড–১৯ প্রট’কল অনুসৰি অনুষ্ঠিত কৰিবলগীয়া নীট ২০২১ৰ বাবে চহৰ আৰু কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ সামাজিক দূৰত্বৰ নিয়ম মানি চলাৰ বাবে ১৫৫ চহৰৰ সলনি ১৯৮লৈ বৃদ্ধি কৰা হৈছে৷ ২০২০ চনৰ তুলনাত পৰীক্ষা কেন্দ্রৰ সংখ্যাও বর্ধিত কৰা হ’ব৷ পৰীক্ষা কেন্দ্রত শিক্ষার্থীসকলক ফেচ মাস্ক যোগান ধৰা হ’ব বুলিও শিক্ষামন্ত্রীগৰাকীয়ে টুইটত প্রকাশ কৰিছে৷
প্রৱেশ আৰু প্রস্থানৰ সময়, সম্পর্কবিহীন পঞ্জীয়ন, সঠিক ছেনিটাইজেচন, সামাজিক দূৰত্ব বর্তাই আসন আদি সকলো নিশ্চিত কৰা হ’ব বুলিও টুইটাৰত শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷ উল্লেখ্য যে চিকিৎসা প্রতিষ্ঠানত এম বি বি এছ, বি ডি এছ আদি পাঠ্যক্রমত নামভর্তিৰ প্রৱেশ পৰীক্ষা নীট৷