নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ গিৰিৰাজ হিমালয়ত সু–উচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা শীঘ্রে ঘোষণা কৰিব চীন আৰু নেপালে৷ নেপাল আৰু তিব্বতত থকা বিশ্বৰ সু–উচ্চ পর্বত শৃংগটোৰ উচ্চতাক লৈ নেপাল আৰু চীনৰ মাজত সৃষ্টি হৈছে মতানৈক্য৷
যোৱা মাহত দুয়োখন দেশে এই বিষয়টো সন্দর্ভত এক বুজাবুজি চুক্তিত উপনীত হৈছে৷ চীনৰ প্রাকৃতিক সম্পদ মন্ত্রালয় আৰু নেপালৰ ভূমি ব্যৱস্থাপনা মন্ত্রালয় এই খচৰা বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে৷
উল্লেখনীয় যে ভাৰত, চীন আৰু নেপালে অনুমোদন জনোৱা অনুসৰি মাউণ্ট এভাৰেষ্টৰ বর্তমান উচ্চতা হৈছে ৮,৮৪৮ মিটাৰ৷ ১৯৫৫ চনত ভাৰতে চলোৱা এক সমীক্ষাৰ পাছত ইয়াক তিনিওখন দেশে মানি লৈছিল যদিও পৰৱর্তী সময়ত চীনে এভাৰেষ্টৰ উচ্চতা নিৰূপণৰ সিদ্ধান্ত গ্রহণ কৰে৷ চীনৰ তৰফৰ পৰা নতুনকৈ নিৰূপণ কৰা উচ্চতাৰ সৈতে পূর্বৰ উচ্চতাৰ কোনোধৰণৰ সাদৃশ্য নাই৷
গতিকে বিষয়টোক লৈ নেপাল আৰু চীনৰ মাজত সৃষ্টি হৈছিল মতানৈক্য৷ অৱশ্যে পৰৱর্তী সময়ত দুয়োখন দেশে এই বিষয়টোত যৌথভাৱে সমীক্ষা চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সিদ্ধান্ত অনুসৰি এভাৰেষ্টৰ উচ্চতা নিৰূপণৰ বাবে দুয়োখন দেশৰ বিশেষজ্ঞ পর্বতাৰোহীৰ মাজত চলিছে কেইবালানিও আলোচনা৷
শেহতীয়াকৈ উচ্চতা নিৰূপণৰ প্রক্রিয়া প্রায় সম্পূর্ণ হোৱা বুলি ইংগিত দিছে দুয়োখন দেশে৷