আঠ ইউৰোপীয় দেশলৈ নতুন ক’ৰোনাৰ সংক্রমণ
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ব্রিটেইনত সংক্রমণৰ সংহাৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ পৰিৱর্তিত প্রকৰণে শেহতীয়াকৈ ইউৰোপৰ ৮খন দেশলৈকে সংক্রমণ ঘটাইছে৷ ইউৰোপৰ ৮খন দেশত এই নতুন ক’ৰোনাৰ উপস্থিতি ধৰা পৰা বুলি সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷
বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালকে ঘোষণা কৰা অনুসৰি নতুন ভাইৰাছবিধৰ সংক্রমণ সন্দর্ভত পৰিস্থিতি নিৰীক্ষণ কৰি আছে বিশেষজ্ঞ চিকিৎসকসকলে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় সঞ্চালক হানছ ক্লুগে সদৰী কৰা অনুসৰি ব্রিটেইনৰ পিছত ফ্রান্স তথা অন্যান্য কেইবাখনো দেশত নতুন ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে৷
অৱশ্যে এই ভাইৰাছবিধ পূর্বৰ তুলনাত বিপজ্জনক হয় নে নহয় সেই সন্দর্ভত কোনো তথ্য প্রকাশ কৰা নাই ক্লুগে৷