মাৰাত্মক! আহি আছে নতুন কৰোণা ভাইৰাছ নিঅ’কোভ
কৰোণা ভাইৰাছৰ নতুন ৰূপ এটাৰ সংক্ৰমণ আৰম্ভ হৈছে দক্ষিণ আফ্ৰিকাত। নিঅ’কোভ নামৰ এই ভাইৰাছৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ খুব বেছি। প্ৰতি তিনিজন আক্ৰান্তৰ মাজত এজনৰ মৃত্যু হয়। এই সকীয়নি ক’ভিড-১৯ ভাইৰাছৰ আৰম্ভণী স্থল চীনৰ ইউহানৰ বিজ্ঞানীৰ দল এটাৰ। ৰাছিয়াৰ সংবাদ সংস্থা স্পুটনিকৰ তথ্যত এই কথা সদৰি হৈছে। তথ্য মতে, নিঅ’কোভ ভাইৰাছ নতুন নহয়।
MERS-CoV ৰ সৈতে সংযুক্ত হৈ ইয়াৰ প্ৰথম প্ৰাদূৰ্ভাৱ হৈছিল ২০১২ আৰু ২০১৫ চনত মধ্য প্ৰাচ্যৰ দেশসমুহত। অৱশ্যে, দক্ষিণ আফ্ৰিকাৰ বাদুলিৰ মাজত এই ভাইৰাছ সংক্ৰমিত হলেও এতিয়াও মানুহৰ মাজত বিস্তাৰিত হোৱা নাই। কিন্তু চীনৰ গৱেষকৰ দলৰ নতুন তথ্য মতে, এই ভাইৰাছ মানুহৰ দেহলৈ সংক্ৰমিত হ’বলৈ আৰু মাত্ৰ এটা মিউটেছন বাকী।