নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ মার্কিন ৰাষ্ট্ৰপতিৰ বিশেষ বিমান এয়াৰ ফোৰ্ছ ওৱান-ৰ দৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবেও আহিব বয়িঙৰ বিশেষ বিমান। বিমানখন ব্যৱহাৱ কৰিব প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতিয়ে। যাৰ নাম দিয়া হৈছে এয়াৰ ইণ্ডিয়া ওৱান। ভাৰতৰ চাহিদা মতে দুখন ৭৭৭-৩০০ বিমান পঠাইছে বয়িঙে। সকলো ঠিকে ঠাকে থাকিলে অহা সপ্তাহতেই এখন বিমান আহি ভাৰত পাবহি। আনখন আহিব এই বছৰৰ শেষৰ ফালে ।
লগতে পঢ়কঃ ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ? ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…
কি কি থাকিব এই বিমানখনতঃ
-
বিমানখনত থাকিব নিজস্ব মিছাইল ডিফেন্স চিষ্টেম। যাক কোৱা হৈছে লার্জ এয়াৰক্রাফট ইনফ্রাৰেড কাউণ্টাৰ মেজাৰছ। লগতে থাকিব চেটেলাইটৰ সৈতে যোগাযোগ ব্যৱস্থা।
-
এবাৰ ইন্ধন ভৰালে ১৭ ঘণ্টালৈ উৰিব পাৰিব বিমানখন। বর্তমান প্রধানমন্ত্রী মোদী যিখন বিমানত চলাচল কৰে, সেই বিমানখন এবাৰ ইন্ধন ভৰালে ১০ ঘণ্টাতকৈ কম সময়হে উৰিব পাৰে।
-
বিমানৰ ভিতৰত থাকিব এটি বৃহৎ কন্ফাৰেন্স হল, একাধিক কেবিন, দুটা মেডিকেল চেণ্টাৰ, অস্ত্রোপ্ৰচাৰৰ ব্যৱস্থা।
-
থাকিব অডিঅ’-ভিডিঅ’ৰ যোগাযোগ ব্যৱস্থা। এই ব্যৱস্থা হেক কৰিব পৰা নাযাব।
-
আছে শত্রুপক্ষৰ ৰেডাৰ জেম কৰাৰ ব্যৱস্থা।
-
থাকিব হিট চেন্সিং মিছাইল আৰু অন্যান্য মিছাইল প্রতিৰোধ ব্যৱস্থাৰ প্রয়ুক্তি।
-
এই সকলো কৰা যাব স্বয়ংক্রিয় পদ্ধতিত।
-
দুইখন বিমান কিনাৰ মুঠ খৰছ হৈছে ৮০০০ কোটি টকা