নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ বাবে দিল্লীত নতুন নির্দেশনা

নিয়মীয়া বাৰ্তা, ২২ জুন: প্রাণঘাতী ক’ভিড–১৯ৰ সংক্রমণে দেশৰ ৰাজধানী নতুন দিল্লীত পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ সময়তে কেন্দ্রীয়শাসিত ৰাজ্যখনত আম আদমী পার্টী (আপ) চৰকাৰে হোম আইছ’লেচন আৰু কোৱাৰেণ্টাইনৰ ক্ষেত্রত দেওবাৰে নতুন নির্দেশনা জাৰি কৰিছে৷

এই নির্দেশনা অনুসৰি যিসকল লোক ক’ভিড পজিটিভ বুলি চিনাক্ত হ’ব, তেওঁলোকক ক’ভিড হাস্পতাললৈ প্রেৰণ কৰাৰ উপৰি আইছ’লেচন আৰু কোৱাৰেণ্টাইনৰ ক্ষেত্রত নতুন ব্যৱস্থা গ্রহণ কৰা হ’ব৷ হোম আইছ’লেচনৰ ক্ষেত্রত অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে আপ চৰকাৰে৷

স্মর্তব্য যে দিল্লীত অভাৱনীয়ভাৱে ক’ভিড সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷

You might also like