নিয়মীয়া বাৰ্তা, ২৬ মেঃ লকডাউনৰ মাজতে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী ন–কইনাৰ দেহত ক’ভিড–১৯ পজিটিভ চিনাক্ত হোৱাক লৈ অঞ্চলবাসী শংকিত হৈ পৰিছে৷ যোৱা মঙলবাৰে ভূপালৰ জাটখেৰীৰ পৰা বিবাহ কৰাই অনা ন–কইনাৰ দেহত বৃহস্পতিবাৰে ক’ভিড–১৯ চিনাক্ত হোৱাৰ লগে লগে দৰা–কইনাৰ পৰিয়ালক কোৱাৰেণ্টাইন কৰা হৈছে৷
বিবাহপাশত আবদ্ধ হোৱাৰ দ্বিতীয় দিনাই ন–কইনাই ক’ভিড–১৯ ত আক্রান্ত হোৱাত দৰাৰ পৰিয়াল শংকিত হৈ পৰে আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷
ইয়াৰ পাছতেই প্রশাসনৰ লোকে দুয়োটা পৰিয়ালৰ লোকক কোৱাৰেণ্টাইন কৰাৰ লগতে অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷
উল্লেখ্য যে, বিবাহৰ তিনি দিন পূর্বৰ পৰাই ২৫ বছৰীয়া কন্যাজনী মৃদু জ্বৰ আৰু কাহত ভুগি আছিল৷ তেনেদৰেই বিবাহপাশত আবদ্ধ হোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সম্প্রতি ন–কইনাজনীক ভূপাল জিলা ক’ভিড–১৯ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷