নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰপ্রদেশত নতুন জনসংখ্যা নীতি মুকলি মুখ্যমন্ত্রী আদিত্যনাথৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ  বিশ্বৰ জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি আজি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ৰাজ্যখনত নতুন জনসংখ্যা নীতি মুকলি কৰিছে৷ ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত শিশু জন্মৰ হাৰ ২.১ শতাংশৰ তললৈ অনাৰ সংকল্প লৈছে আদিত্যনাথ চৰকাৰে৷

সমাজৰ বিভিন্ন সম্প্রদায়ৰ মাজত নতুন জনসংখ্যা নীতি কার্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন সজাগতামূলক আঁচনি গ্রহণ কৰিব৷ আজি এক খচৰা বিধেয়ক মুকলি কৰি মুখ্যমন্ত্রী আদিত্যনাথে কয় যে জনসংখ্যা সুস্থিৰকৰণৰ ক্ষেত্রত জনসংখ্যা নীতি হ’ব গুৰুত্বপূর্ণ৷ ইয়াৰ জৰিয়তে সুখ–সমৃদ্ধি প্রতিগৰাকী নাগৰিকে লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আদিত্যনাথে মন্তব্য কৰিছে৷

You might also like