নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ আপুনি এই ছবিখন দেখি অলপ আচৰিত হ’ব পাৰে, কিন্তু এই ছবিখনত থকা নৱজাতকক পলিঅ’ পালি দিয়া স্বাস্থ্যকৰ্মী গৰাকীক সকলোৱে প্ৰশংসা কৰিছে। যদি আপুনি এই ছবিখনলৈ লক্ষ্য কৰে তেন্তে বুজিব পাৰিব যে আজি পলিঅ’মুক্ত ভাৰত সম্ভৱ হৈছে এনে যুঁজাৰু স্বাস্থ্যকৰ্মীসকলৰ নিৰৱ সাধনাৰ ফলত। প্ৰতিটো দিন গৰম, ঠাণ্ডা, ৰদ-বৰষুণ আৰু বানপানীৰ সৈতে যুঁজি, তেওঁলোকে দেশৰ প্ৰতিটো নৱজাতকক দুটোপাল পলিঅ’ পৰিপূৰক প্ৰদান কৰি আহিছে।
সকলোৱে একেমুখে প্ৰশংসা কৰা এই ছবিখন হৈছে পশ্চিম বংগৰ।
উল্লেখ্য যে বানপানীৰ পৰিস্থিতিৰ বাবে পিতৃয়ে নৱজাতকটোক পলিঅ’ পালি গ্ৰহণ কৰিবলৈ এটা ডাঙৰ পাত্ৰত লৈ গৈছিল। কিয়নো বানৰ মাজত তেওঁ নিজৰ ১৫ মহীয়া কেঁচুৱাটোক কঢ়িয়াই নিবলৈ ভয় কৰিছিল।
Pulse polio immunisation at Sunderbans, delta of Ganges. Amazing HCW working tirelessly in waterlogged zones. pic.twitter.com/2SK4ABlg9p
— Yogiraj Ray (@IddocYogiraj) September 26, 2021