নিয়মীয়া বাৰ্তা ২ মেঃ প্রথমতে অবিশ্বাস–ৱহেলা, তাৰ পিছত আত্মপ্রৱঞ্চনা আৰু শেষত যেতিয়া মূৰৰ ওপৰত আকাশ খহি পৰিল, অনিবার্য বিপর্যয়ৰ ওচৰত আত্মসমর্পণৰ বাহিৰে আন একো পথ বাকী নাথাকিল৷ এয়া আমেৰিকাৰ কাহিনী৷ সময় থাকোঁতে সচেতন নোহোৱাৰ মাচুল ভৰিছে বিশ্বৰ মহাশক্তিমান দেশখনে৷ এক মর্মান্তিক পৰিণতিৰ সন্মুখীন হৈছে সর্বোচ্চ শক্তিৰ অধিকাৰী সংযুক্ত যুক্তৰাষ্ট্র৷ ক’ৰোনা নামৰ সৰু অথচ বিষাক্ত শক্তিশালী ভাইৰাছবিধ বীৰ বিক্রমেৰে বিয়পি পৰিছে মার্কিন সাম্রাজ্যত৷ পৰিস্থিতি সদাব্যস্ত নিউয়র্ক চহৰ পৰিণত হৈছে মর্গত টলকিবই নোৱাৰিলে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ কিদৰে এই বিপদৰ মোকাবিলা কৰা যাব, সেয়া বুজি উঠাৰ আগতেই আহি পৰিল চৰম অবাঞ্ছিত দুর্যোগ৷ সন্মুখত নির্বাচন অথচ অপ্রত্যাশিত আপদৰ লগত যুঁজিবলৈ গৈ দিশহাৰা ট্রাম্প৷ আৰম্ভণিৰ পৰাই তেওঁ আছিল অত্যন্ত বেপৰোৱা৷ ড’নাল্ড ট্রাম্প সেইখন আমেৰিকাৰ প্রথম নাগৰিক, যিয়ে ৰিম’টৰ সামান্য সঞ্চালনাত মিছাইলেৰে ছাৰখাৰ কৰিব পাৰে হাজাৰ হাজাৰ মাইল সিপাৰৰ দেশ৷ সেয়ে তেওঁ ভাবিছিল ক’ৰোনা নামৰ চাইনীজ ভাইৰাছবিধক আমেৰিকাত প্রৱেশৰ লগে লগে ভাল এসেকা দিব পাৰিব৷ আৰু এতিয়া পৰিস্থিতি যেতিয়া হাতৰ পৰা ওলাই গ’ল, কথাৰ আঁত হেৰুৱাই পেলাইছে এইগৰাকী ৰাষ্ট্রনেতাই৷ কেতিয়াবা যদি ২ লাখ নাগৰিকৰ মৃত্যুৰ বাবে সাজু হোৱাৰ কথা কৈছে, কেতিয়াবা আকৌ টেলিফোন উঠাই ডায়েল কৰিছে মোদীৰ কার্যালয়ৰ নম্বৰ৷ মুঠৰ ওপৰত নেতৃত্বহীন আমেৰিকাত এতিয়া জটিল সময়ৰ মুখামুখি হৈছে নাগৰিকসকল৷ বতাহ বিষাক্ত হৈ পৰিছে, দোকানৰ পৰা খাদ্য সামগ্রী নোহোৱা হৈ আহিছে, ফার্মাচীত নাই মাস্ক–ছেনিটাইজাৰ, হাস্পতালত বিছনা নাই, মর্গত মৃতদেহ ৰাখিবলৈ ঠাই নাই৷ অত্যাধুনিক মাৰণাস্ত্র, বোমা–বাৰুদৰ লগত ব্যস্ত থকা দেশৰ সেনাবাহিনীয়ে দিনে–নিশাই বুটলি ফুৰিছে মৃতদেহ৷
ক’ৰোনাৰ আক্রমণত ধৰাশায়ী হোৱাসকলৰ শেষকৃত্যৰ বাবেও পর্যাপ্ত সেৱা আগবঢ়াব পৰা নাই শেষকৃত্য সম্পন্ন কৰা (ফিউনাৰেল) কোম্পানীসমূহে৷ অহৰহ বাজি আছে কার্যালয়ৰ টেলিফোন, কিন্তু ইমান মৃতদেহ সংগ্রহ কৰিব কোনে? ক’ত আছে ইমান কর্মচাৰী? কোনে কল্পনা কৰিছিল এই ভয়ানক বাস্তৱৰ৷ এক সকৰুণ পৰিস্থিতি৷ কিম জাম্বিতো৷ ষ্টাটেন দ্বীপৰ এগৰাকী ২৯ বছৰীয়া যুৱতী৷ হাইস্কুলত পঢ়ি থাকোঁতে যি এগৰাকী গৃহ পৰিচাৰিকা হোৱাৰ কথা ভাবিছিল৷ কিন্তু ছেইণ্ট জ’নছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহি তেওঁ এটা নতুন পাঠ্যক্রমৰ বিষয়ে জানিব পাৰিলে৷ অন্তিম সংস্কাৰ প্রশাসনৰ পাঠ্যক্রম৷ এই বিষয়ত স্নাতক শিক্ষা গ্রহণ কৰিয়েই কিমে এটা ফিউনাৰেল কোম্পানীত যোগদান কৰিলে৷ প্রথমাৱস্থাত এই কোম্পানীটোৱে নিউয়র্ক আৰু নিউ জার্ছীত কেৱল ৰাছিয়ান গ্রাহকৰ বাবেহে সেৱা আগবঢ়াইছিল৷ দিনে দুটাকৈ শৱদেহৰ সৎকাৰ কিম জাম্বিতোৰ চাকৰিৰ নিয়মীয়া দায়িত্ব আছিল৷ কিন্তু ক’ভিড–১৯ৰ সংক্রমণৰ লগে লগে পৰিৱেশ নাটকীয়ভাৱে সলনি হৈ গ’ল৷ এপ্রিলৰ কোনো এটা দিনৰ সন্ধিয়া ৫ বজাত ৬ নম্বৰ শৱদেহটো সংগ্রহ কৰি কিমে ক’লে যে মেইমনিডেছ হাস্পতালৰ পৰা আৰু তিনিটা মৃতদেহ সংগ্রহ কৰিবলৈ এতিয়াও বাকী আছে৷ ক’ৰোনা সংক্রমণৰ প্রথম ৬ সপ্তাহত নিউয়র্কত প্রতিঘণ্টাত মৃত্যুমুখত পৰিছিল ৩৩জনকৈ লোক৷ এপ্রিলৰ প্রথম আঠটা দিনত নিজৰ ঘৰত মৃত্যু হ’ল ১,৮৯১জন লোকৰ৷ মর্গবোৰত ঠাই নোহোৱা হৈ আহিল৷ কিমহঁতৰ চাকৰিৰ সময়ো বঢ়াবলগীয়া হ’ল৷ পুৱা ৭.৩০ বজাত কার্যালয় পাব লাগে৷ সমগ্র দিনটো বিৰামহীনভাৱে কাম কৰাৰ পিছত নিশাও কঢ়িয়াব লাগে ৬–৭টা শৱদেহ৷ প্রথমতেই তেওঁ চাই লয় মৃত্যুৰ প্রমাণ–পত্রখন৷ প্রতিখন প্রমাণ–পত্রত লিখা নাথাকে ক’ৰোনা ভাইৰাছৰ সংক্রমণ বুলি৷ কিন্তু যেতিয়াই নিউমোনিয়া বা অংগ বিকল হোৱাটো মৃত্যুৰ কাৰণ হিচাপে উল্লেখ থাকে তেতিয়াই অতি সাৱধান হ’ব লাগে৷ প্রায়বোৰ মৃত্যুৰ প্রমাণ–পত্রত এনে কাৰণৰ বিষয়ে উল্লেখ থাকে৷ কেঞ্চাৰ, হৃদযন্ত্রৰ ৰোগ আদিবোৰ যেন নোহোৱা হৈ গৈছে দেশৰ পৰা৷ কিম আৰু তেওঁৰ সহযোগীসকলে পাৰাপাৰহীন ব্যস্ততাৰ মাজেৰে পাৰ কৰিছে এই দুর্যোগপীড়িত সময়৷ গৃহবন্দিত্ব, কোৱাৰেণ্টাইন, লকডাউন তেওঁলোকৰ বাবে প্রযোজ্য নহয়৷ নিজৰ জীৱনকো তুচ্ছ কৰি সংগ্রহ কৰি তুলিছে শৱদেহ আৰু তাৰ সৎকাৰৰ ব্যৱস্থা কৰিছে৷ পূর্বতে মৃতদেহ সংগ্রহৰ বাবে গৈ মৃতকৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাটো আছিল কোম্পানীয়ে নির্ধাৰণ কৰি দিয়া আচৰণ৷ কিন্তু সময় সলনি হ’ল৷ এতিয়া বিশাল একোটা দালানত পৰি থাকে এটা মাত্র শৱ৷ কিমৰ দৰে কর্মচাৰীয়ে ডিটেক্টিভৰ চাৱনিৰে মৃত্যুৰ প্রমাণ–পত্র পৰীক্ষা কৰে৷ আৰক্ষীয়ে ফটো লয়, তাৰ পিছত নির্দিষ্ট বেগত মৃতদেহ কঢ়িয়াই নিয়া হয় কবৰ স্থানলৈ৷
শ্বেৰমানছ ফ্লাট বুছ মেম’ৰিয়েল ছাপেল– আমেৰিকাৰ এটা প্রাচীন ফিউনাৰেল কোম্পানী৷ ১৮৯৮ চনত স্থাপিত৷ পৃথিৱীৰ বহু দুর্যোগৰ সময়ত শৱদেহ কঢ়িওৱাৰ কামেই কৰিছিল এই কোম্পানীটোৱে৷ প্লেগৰ বিভীষিকা, ছোৱাইন ফ্লুৰ আতংকৰ বিৱৰণ কোম্পানীৰ নথিত বিচাৰিলে এতিয়াও পোৱা যাব৷ এতিয়া অন্তিম সৎকাৰ কোম্পানীটোৰ বিশাল কার্যালয়টোত কর্মচাৰীৰ বাহিৰে আন সকলো ব্যক্তিৰ আহ–যাহ বন্ধ কৰি দিয়া হৈছে৷ এপ্রিল মাহৰ প্রথম সপ্তাহত প্রাচীন ফিউনাৰেল কোম্পানীটোৱে ১৩৩টা শৱদেহ সৎকাৰ কৰিছিল৷ শেহতীয়াকৈ পৰিস্থিতি দিনকদিনে অধিক ভয়াৱহ হৈ আহিছিল৷ কবৰ স্থানত ঠাইৰ নাটনি৷ একোটা মৃতদেহ এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই লৈ ফুৰিবলগীয়া হৈছে– শেষ ঠিকনাৰ বাবে য’ত সামান্য ঠাই বিচাৰি৷ সমগ্র নিউয়র্ক যেন লাহে লাহে এটা মর্গলৈ পর্যবসিত হৈছে৷ শৱদেহ কঢ়িওৱা কর্মচাৰীসকলৰ বাবেও ক্রমাৎ গ্ল’ভছ, মাস্ক, পিপিই কিটৰ সমস্যাই জটিল ৰূপ লৈছে৷ ক’ৰো পৰাই নাই পর্যাপ্ত কিটৰ যোগান৷ এনেদৰে চলি থাকিলে শৱদেহ সংগ্রহ কৰাটো মস্কিল কাম হৈ পৰিব৷ শ্বেৰমানছ ফ্লাট বুছ মেম’ৰিয়েল ছাপেলৰ সঞ্চালকগৰাকীৰ মতে এনে পৰিস্থিতিৰ মাজতো মৃতকৰ প্রতি সন্মান জনাবলৈ তেওঁলোকে চেষ্টা কৰে৷ কাৰণ মৃতকজন কাৰোবাৰ পিতৃ–মাতৃ, ভাতৃ অথবা ভগ্ণী৷ সেইবাবে অন্তিম মুহূর্তত এটা গাৰুৰ ওপৰত পোনকৈ শোৱাই দিয়াৰ যত্ন কৰা হয়৷ কোম্পানীটোৰ সঞ্চালক এণ্ড্রিউ কটনীয়ে উল্লেখ কৰে যে তেওঁ যোৱা ৩১ বছৰ ধৰি অন্তিম সৎকাৰ কোম্পানীৰ লগত জড়িত হৈ আছে৷ এইডছ, হেপাটাইটিছ, ছোৱাইন ফ্লুকে ধৰি বহু ৰোগৰ সংহাৰ তেওঁ দেখিছে৷ কিন্তু এতিয়াৰ দৰে পৰিস্থিতিৰ কাহানিও সন্মুখীন হোৱা নাছিল৷ পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে নিশা ৮ বজাত মৃত্যু হোৱা লোক এজন পিছদিনা সন্ধিয়ালৈ একেটা স্থানতে পৰি ৰৈছে৷ কাৰণ সৎকাৰ কোম্পানীসমূহে সময় দিব পৰা নাই৷ প্রথমবাৰৰ বাবে নিউয়র্ক চহৰত ফিউনাৰেল কোম্পানীৰ বাহিৰে সেনা, স্বাস্থ্য বিষয়া, নিৰাপত্তা বাহিনীয়েও শৱদেহ সংগ্রহত নিয়োজিত হৈছে৷ ১৫টাকৈ এনে দল গঠন কৰা হৈছে৷ প্রতিটো দলেই ১২ ঘণ্টাকৈ কর্তব্য পালন কৰে৷ এই দলকেইটাই প্রতিদিনে ২০০তকৈও অধিক মৃতদেহ সংগ্রহ কৰিয়েই আছে৷ চিকিৎসালয়তো মৃত্যুৰ হাৰ দ্রুতগতিত বৃদ্ধি পাইছে৷ ভৰি পৰিছে মৃতদেহেৰে৷ মর্গত, ফ্ল’ৰত ক’তো ঠাই নাই৷ সময়মতে কবৰ স্থানলৈও প্রেৰণ কৰিব পৰা নাই৷ শেষ উপায় হিচাপে ট্রাকসমূহকে ৰেফ্রিজাৰেটৰৰ ৰূপত সাজি উলিওৱা হৈছে৷ তাতেই মৃতকক শোৱাই থৈছে৷ যেতিয়ালৈকে চৰকাৰী দল বা ফিউনাৰেল কোম্পানীৰ প্রতিনিধি আহি নাপায়৷