নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাইফুল্লা হ’ব পাৰে কাশ্মীৰৰ কমাণ্ডাৰ নাইকুৰ মৃত্যুৰ পিছত সংকটত হিজবুল

নিয়মীয়া বাৰ্তা ৯ মেঃ জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী ৰিয়াজ নাইকু নিহত হোৱাৰ পিছত হিজবুল মুজাহিদীনে কাশ্মীৰৰ সংগঠনটোৰ নতুন কমাণ্ডাৰ হিচাপে ছাইফুল্লাক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে৷ চোৰাংচোৱা বাহিনীৰ তথ্য অনুসৰি ছাইফুল্লা হৈছে হিজবুল মুজাহিদীনৰ আটাইতকৈ শীর্ষত থকা সন্ত্রাসবাদী নেতা৷ চিকিৎসা বিজ্ঞানৰ শিক্ষার্থী ছাইফুল্লা পূর্বে নিৰাপত্তা বাহিনীৰে সংঘর্ষত আহত হৈছিল৷ দক্ষিণ কাশ্মীৰত বর্তমান সক্রিয় হৈ আছে ছাইফুল্লা৷ কাশ্মীৰী যুৱকসকলক জেহাদৰ বাবে উৎসাহ যোগাই আহিছে ছাইফুল্লাই৷ পুলৱামাৰ মালাংপোৰাৰ বাসিন্দা ছাইফুল্লাই বুৰহান ৱানিৰ সৈতে একে সময়তে হিজবুল মুজাহিদীনত যোগদান কৰিছিল৷ বুৰহান ৱানিৰ সৈতে যোগদান কৰা অন্য ১১জন হিজবুল সদস্যৰ অন্যতম হৈছে ছাইফুল্লা৷ দক্ষিণ কাশ্মীৰত পুলৱামা, ট্রাল, কাকাপোৰা আৰু কুলগাম অঞ্চলত হিজবুল মুজাহিদীনত বহু সদস্য নিয়োগ কৰিছে ছাইফুল্লাই৷ আনকি শ্রীনগৰ চহৰতো ছাইফুল্লাৰ আছে সাংগঠনিক ভেটি৷ অৱশ্যে হিজবুল মুজাহিদীনৰ তৰফৰ পৰা কাশ্মীৰত সংগঠনটোৰ শীর্ষনেতা কোন হ’ব সেই কথা প্রকাশ কৰা হোৱা নাই৷

You might also like