অহা মাহত ৰাছিয়াৰ বজাৰত উপলব্ধ হ’ব ক’ভিড–১৯ৰ ভেকচিন
নিয়মীয়া বাৰ্তা ২০ জুলাইঃ বিশ্বৰ প্রথমটো ক’ভিড–১৯ ভেকচিন প্রস্তুত কৰি উলিওৱা বুলি দাবী কৰা ৰাছিয়াই অহা মাহত জনসাধাৰণৰ বাবে বজাৰত এই ভেকচিন মুকলি কৰি দিবলৈ তৎপৰতা চলাইছে৷ আগন্তুক ৩ আগষ্টৰ পৰা ৰাছিয়া, ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)ত কেইবা লাখ লোকৰ দেহত তৃতীয় পর্যায়ৰ ক্লিনিকেল পৰীক্ষা চলোৱা হ’ব এই ভেকচিনবিধৰ৷ স্মর্তব্য যে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে এইক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি তৃতীয় পর্যায়ৰ পৰীক্ষা সম্পূর্ণ হোৱাৰ পূর্বে বজাৰত উপলব্ধ হ’ব ক’ভিড–১৯ৰ ভেকচিন৷ স্পুটনিক নিউজৰ প্রতিবেদন অনুসৰি শেহতীয়াকৈ দেশখনৰ স্বাস্থ্যমন্ত্রীয়ে মধ্য ৰাছিয়ান চহৰ য়েকেটাৰিনবার্গত এক কার্যসূচীত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ উল্লেখনীয় যে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিনক অনুমোদন জনোৱা নাই যদিও দেশখনে ভেকচিনৰ পৰীক্ষা সফল হোৱা বুলি দাবী কৰি আহিছে৷