নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ পলাতক কুখ্যাত ডন গেংষ্টাৰ ডাউদ ইব্রাহিমে ভাৰতত আক্রমণৰ বাবে পুনৰ সক্রিয় হৈছে৷ মুম্বাইৰ ভয়াৱহ আক্রমণৰ মাষ্টাৰ মাইণ্ড, ম’ষ্ট ৱাণ্টেড ডাউদ ইব্রাহিমে শেহতীয়াভাৱে ভাৰতত আক্রমণৰ বাবে বিশেষ গোট গঠন কৰাৰ ভয়াৱহ তথ্য লাভ কৰিছে নেচনেল ইনভেষ্টিগেচন এজেঞ্চী, চমুকৈ ‘নিয়া’ই৷ কুখ্যাত ডাউদ ইব্রাহিমে ভাৰতৰ ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীক আক্রমণৰ বাবে গঠন কৰা বিশেষ গোটে ইতিমধ্যে নিজৰ ব্লুপ্রিণ্ট সফল কৰিবলৈ অগ্রসৰ হৈছে৷
‘নিয়া’ই প্রকাশ কৰা তথ্য মতে, দেশৰ প্রখ্যাত ৰাজনৈতিক আৰু ব্যৱসায়ীক আক্রমণৰ লক্ষ্য কৰি প্রস্তুত কৰিছে তালিকা৷ বিস্ফোৰক আৰু অত্যাধুনিক অস্ত্র–শস্ত্র ব্যৱহাৰ কৰি দেশৰ ভিন্ন প্রান্তত হিংসাত্মক কার্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে ডাউদৰ বিশেষ গোটটোৱে৷ কুখ্যাত ডন ডাউদৰ বিশেষ গোটে ৰাজধানী নতুন দিল্লী আৰু মুম্বাইত অধিক আক্রমণ কৰাৰ সমান্তৰালকৈ আন প্রান্ততো ভয়াৱহ কূটাঘাত সংঘটিত কৰিব৷
উল্লেখ্য যে ইডিয়ে অলপতে অবৈধ ধনৰ লেনদেনৰ গোচৰত ডাউদ ইব্রাহিন আৰু সহযোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযান চলাইছে৷ ইডিয়ে ডাউদ ইব্রাহিমৰ ভগ্ণী হাছিনা পার্কাৰৰ বাসগৃহত তালাচী চলোৱাৰ উপৰি ইব্রাহিমৰ ভাতৃ ইকবাল কাছকাৰক গ্রেপ্তাৰ কৰিছে৷ অহা ২৪ ফেব্রুৱাৰীলৈকে কাছকাৰ ইডিৰ জিম্মাত থাকিব৷