নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছৰ সন্ধানত কেৰালা দিল্লী–কর্ণাটকত তালাচী

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ দেশত শক্তিশালী সাংগঠনিক ভেটি গঢ়িবলৈ সক্ষম হোৱা বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আইছিছৰ বিৰুদ্ধে আজি দেশৰ কেইটাও স্থানত অভিযান চলায় ‘নিয়া’ই৷ দেশৰ ৰাজধানী নতুন দিল্লী, কেৰালা, কর্ণাটকৰ কেইবাটাও স্থানত নিয়াই অভিযান চলাই আইছিছৰ ঘাটি উৎখাত  কৰিবলৈ সক্ষম হয়৷ বিগত জানুৱাৰী মাহত নিয়াৰ আদালতে আইছিছৰ কুন্নুৰ গোচৰত আইছিছ সন্ত্রাসবাদীক নিয়াৰ বিশেষ আদালতে ৭ বছৰৰ সষ্টম কাৰাদণ্ড প্রদান কৰাৰ পাছত উল্লিখিত গোচৰৰ সৈতে সংপৃক্ত কেইবাজনো লোকৰ বিৰুদ্ধে আজি অভিযান চলায় নিয়াই৷ ৰাজধানী দিল্লীৰ জাফ্ফৰাবাদ অঞ্চলত নিয়াই অভিযান চলোৱাৰ লগতে কর্ণাটকৰ বাংগালুৰুৰ দুটা স্থানত আৰু কেৰালাৰ কোচি আৰু কুন্নুৰৰ চাৰি স্থানত অভিযান চলায়৷ মুঠ ৯টাকৈ স্থানত অভিযান চলাই নিয়াই আইছিছৰ ঘাটি উচ্ছেদ কৰে৷ তেনেদৰে কেৰালাৰ মালাপ্পুৰম জিলাৰ পি এফ আইৰ (পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া) এজন কর্মীৰ বাসগৃহতো অভিযান চলায় নিয়াই৷ কেন্দ্রীয় অনুসন্ধান সংস্থাটোৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, জিলাখনৰ কেইবাজনো পি এফ আইৰ কর্মীৰ বাসগৃহত নিয়াই তালাচী অভিযান চলায়৷ তথ্য মতে কেৰালাৰ দক্ষিণ প্রান্তত বৃহৎসংখ্যক যুৱই আইছিছত যোগদান কৰাৰ বাবে আফগানিস্তানলৈ গৈছে৷

তাৰ পৰাই আইছিছৰ মূল ঘাটি ছিৰিয়া, ইৰাকলৈ ৰাওনা হৈ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে জড়িত হৈ আছে৷ অনুসন্ধান সংস্থাটোৱে এই যুৱকসকলক আইছিছৰ সৈতে জড়িত কৰাৰ ই এফ আই কর্মী জড়িত হৈ থকাৰ তথ্য লাভ কৰাৰ পাছতেই অভিযান আৰম্ভ কৰিছে৷ নিয়াৰ সূত্রত প্রকাশ পোৱা মতে, কেৰালাৰ কোল্লাম, মালাপ্পুৰম, কান্নুৰ আৰু কাছাৰগড়ত কেইবাজনো পি এফ আই কর্মীৰ বাসগৃহত তালাচী চলাইছে৷ এই সমগ্র অভিযানটো নিয়াৰ নতুন দিল্লী ইউনিটৰ দ্বাৰা চলোৱা হৈছে৷ তথ্য মতে ২০১৫ আৰু ২০১৯ চনৰ ভিতৰত কেৰালাৰ পৰাই ৫০তকৈ অধিক যুৱক আইছিছত যোগদান কৰিছে৷ ইয়াৰে একাংশ আফগানিস্তান আৰু ছিৰিয়াত নিৰাপত্তা বাহিনীৰ আক্রমণত নিহত হৈছে৷ নিয়াৰ দ্বাৰা কেৰালাতেই ৭টাতকৈ অধিক আইছিছ সম্পর্কীয় গোচৰ ৰুজু হৈ আছে৷ উল্লেখ্য যে ২০১৭ চনত তুৰস্ক চৰকাৰে প্রত্যর্পণ কৰা আইছিছ সন্ত্রাসবাদী কেৰালাৰ কান্নুৰৰ বাসিন্দা চাহজাহান ভি কেক নতুন দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত নিয়াই গ্রেপ্তাৰ কৰিছিল৷ এই ধৃত সন্ত্রাসবাদী চাহজাহানে আইছিছৰ হৈ কাম কৰাৰ বাবে ছিৰিয়াত উপস্থিত হোৱাৰ লক্ষ্যৰে মালয়েছিয়া হৈ তুৰস্কলৈ বিমানেৰে যাত্রা কৰাৰ সময়তে তুৰস্কৰ কর্তৃপক্ষই চাহজাহানক গ্রেপ্তাৰ কৰিছিল৷ পিছলৈ এই চাহজাহানক তুৰস্ক কর্তৃপক্ষই ভাৰতৰ হাতত গতাই দিয়ে আৰু ধৃত আইছিছ সন্ত্রাসবাদী চাহজাহানৰ পৰাই নিয়াই ভাৰতত সন্ত্রাসবাদী সংগঠনটোৰ সংগঠনিক স্থিতিৰ বিষয়ে তথ্য লাভ কৰে৷

You might also like