নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছৰে সম্পর্ক থকা ৫জনৰ বিৰুদ্ধে ‘নিয়া’ৰ চার্জশ্বীট

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: নিষিদ্ধ জেহাদী সংগঠন ইছলামিক ষ্টেট খোৰাছান প্রভিন্স (আইএছকেপি)ৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই কালি ৫গৰাকী লোকৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতত দাখিল কৰিছে চার্জশ্বীট৷ এই অভিযুক্ত লোককেইগৰাকী হৈছে দিল্লী জামিয়া নগৰৰ বাসিন্দা জাহানজেইব ছামি, কাশ্মীৰৰ বাসিন্দা হিনা বছিৰ, হায়দৰাবাদৰ বাসিন্দা আব্দুলা বাছিট, পুনেৰ বাসিন্দা ছাদিয়া আনোৱাৰ শ্বেইখ আৰু নাবিল ছিদ্দিক খট্রি৷

কুখ্যাত সন্ত্রাসবাদী সংগঠন ইছলামিক ষ্টেট আৰু আইএছকেপিৰ সৈতে সম্পর্ক থকাৰ অভিযোগ অনা হৈছে এই পাঁচগৰাকী লোকৰ বিৰুদ্ধে৷ ভাৰত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্রমূলক কামত জড়িত হোৱাৰ উপৰি দেশত সাম্প্রদায়িক সংঘর্ষত উচটনি দিয়াৰ অভিযোগ অনা হৈছে আটাইকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে৷ ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ উপৰি বে–আইনী কাম–কাজ (প্রতিৰোধ) আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি নিয়াই সমগ্র ঘটনাৰ তদন্ত কৰিছে৷ ইছলামিক ষ্টেটৰ সৈতে সম্পর্ক ৰক্ষা কৰি এই লোককেইজনে দেশৰ বিভিন্ন স্থানত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা চলোৱাৰ অভিযোগো আনিছিল নিয়াই৷

দেশৰ ৰাজধানী দিল্লী তথা অনান্য স্থানৰ পৰা তদন্তকাৰী সংস্থাটোৱে তালাচী চলাই আটাইকেইজন লোকক গ্রেপ্তাৰ কৰিছে৷ দিল্লীৰ বিশেষ আদালত এখনত আজি নিয়াই অভিযুক্ত লোককেইজনৰ বিৰুদ্ধে গোচৰটোত চার্জশ্বীট দাখিল কৰাৰ লগে লগে সংবাদ মাধ্যমত বিষয়টোৱে পুনৰ চর্চা লাভ কৰিছে৷

You might also like