এণ্টার্কটিকাৰ দুর্গম তুষাৰাবৃত প্রান্তত প্রেমৰ নজিৰ যুৱক–যুৱতীৰ
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ এয়াও কি সম্ভৱ পৃথিৱীৰ শেষ প্রান্ততো এনে চমক সৃষ্টি কৰিব পৰা যায় চৌদিশে মাথোঁ বৰফ৷ তথাপি তাৰ মাজতে হূদয়ৰ উষ্ণতা বিচাৰি পালে আমেৰিকাৰ এক দম্পতীয়ে৷ এণ্টার্কটিকাৰ প্রত্যন্ত তুষাৰাবৃত অঞ্চলত নিক’ল মেকগ্রাথ আৰু ক’ল হাইঞ্জৰ ৰোমাঞ্চে এতিয়া বিশ্বজুৰি খলকনি তুলিছে৷ উল্লেখনীয় যে কলেজত অধ্যয়ন কৰি থকা সময়তে ২৫ বছৰীয়া নিক’লৰ এক চাকৰিৰ বিজ্ঞাপনত নজৰ পৰিছিল৷ চনটো আছিল ২০১৩৷ এণ্টার্কটিকাৰ মেকমার্ডো ষ্টেচনত কামৰ বাবে সুদক্ষ লোকৰ প্রয়োজন৷ লগে লগে তাত আবেদন জনালে নিক’লে৷ কিছুদিনৰ ভিতৰত চাকৰিও পালে৷ ফ্ল’ৰিডাৰ মায়ামীৰ পৰা দুনিয়াৰ শেষ প্রান্তৰ বৰফ ৰাজ্যত চাকৰি৷ এণ্টার্কটিকাৰ ৰছ দ্বীপৰ আগ্ণেয়শিলাৰ ওপৰত গঢ়ি উঠিছে মেকমার্ডো ষ্টেচন৷ আমেৰিকাৰ সেই গৱেষণাগাৰত ডাইনিং এজেণ্ট হিচাপে কামত নিয়োজিত হৈছিল নিক’ল৷ তাতেই লগালগি হয় নিক’ল আৰু হাইঞ্জ৷ ইয়াৰ পিছতেই দুয়োৰে মাজত গঢ়ি উঠে প্রণয়ৰ সম্পর্ক৷ এই সম্পর্ক ইমানেই গভীৰ হৈ পৰে যে মেকমার্ডোৰ হার্টপইণ্ট হৈছে অতি দুর্গম স্থান৷ হাড় কঁপোৱা জাৰত তাত জীৱন প্রায় কল্পনাতীত৷ তথাপি তাতেই গভীৰ প্রেমত ডুবিছে নিক’ল আৰু হাইঞ্জ৷ এনে দুর্গম তুষাৰাবৃত স্থানৰ প্রণয়ৰ কাহিনী এতিয়া বিশ্বৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছে শিহৰণ৷ অৱশ্যে শেহতীয়াকৈ এটা সন্তানৰ পিতৃ–মাতৃ নিক’ল আৰু হাইঞ্জে ফ্ল’ৰিডাত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছে৷