বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নতুন পেকেজ ঘোষণা, EPFOৰে সংযুক্ত কৰ্মচাৰীয়ে পাব সুবিধা
নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেৱালীৰ আগে আগে ঘোষণা কৰিলে উদগনিমূলক পেকেজ । আজি এখন সংবাদমেলযোগে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে এনে পেকেজ। আত্মনিৰ্ভৰ ভাৰত পেকেজ ৩.০ নামৰ এই পেকেজ অনুযায়ী যিসকল নতুন কৰ্মচাৰীয়ে EPFOত পঞ্জীভুক্ত আৰু যিসকলৰ মাহিলি উপাৰ্জন ১৫ হাজাৰতকৈ কম, তেওঁলোকে এই পেকেজৰ সুবিধা লাভ কৰিব। চৰকাৰে ক’ৰোনাৰ বাবে বিপদত পৰা কোম্পানীৰ ক্ষেত্ৰত বহন কৰিব EPFOৰ বাবে কিছু শতাংশ ধন। সেই অনুযায়ী লাভৱান হ’ব ১৫ হাজাৰতকৈ কম দৰমহা পোৱা কৰ্মচাৰীসকল।
এই আঁচনি মতে,
১. এই আঁচনিৰ অধীনত EPFOৰ অধীনত পঞ্জীভুক্ত প্ৰতিষ্ঠানবোৰে নতুন চাকৰি প্ৰদান কৰিলে লাভান্বিত হ’ব পাৰিব।
২. ৫০ জনতকৈ কম কৰ্মচাৰী থকা প্ৰতিষ্ঠানবোৰে ২ জনতকৈ অধিক লোকক নতুন নিযুক্তিৰ ব্যৱস্থা কৰিলে আঁচনিৰ সুবিধা লাভ কৰিব।
৩.৫০ৰো অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান এটাত আঁচনিৰ সুবিধা ল’বলৈ ৫ জনৰো অধিক কৰ্মচাৰী থাকিব লাগিব।
৪. EPFOৰ সৈতে পঞ্জীভুক্ত নোহোৱা প্ৰতিষ্ঠানে এই আঁচনিৰ পৰা লাভান্বিত নহ’ব, তেওঁলোকে প্ৰথমে পঞ্জীয়ন কৰিব লাগিব আৰু তেতিয়াহে তেওঁলোকে সুবিধা লাভ কৰিব।
৫. আঁচনিখন ৩০ জুন ২০২১ লৈকে বলৱৎ হ’ব।
ইয়াৰ লগতে বিত্তমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলযোগে আন কিছু খণ্ডৰ উপকাৰত অহাকৈ সাহায্য ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা কৃষক, ক্ষুদ্ৰ উদ্য়োগৰ লগতে শ্ৰমিকসকলো লাভান্বিত হ’ব।