নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডৰ অভিনেতা আছিফ বশ্ৰা আৰু নাই, হিমাচলত আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ জনপ্ৰিয় অভিনেতা আছিফ বশ্ৰাই কৰিলে আত্মহত্যা। হিমাচল প্ৰদেশৰ কাংগাৰা জিলাৰ ধৰ্মশালাস্থিত মেকলিঅ’ড গঞ্জত অভিনেতাজনে আত্মহত্যা কৰে। টিভি আৰু ছবিজগতৰ অতি জনপ্ৰিয় অভিনেতা আছিফ বশ্ৰাই আজি দিনৰ প্ৰায় ১১.৩০ বজাত আত্মহননৰ পথ বাছি লয়।

অৱশ্য়ে তেওঁৰ মৃত্যুৰ খবৰ প্ৰায় ১২.৩০ বজাতহে পোৱা যায়। হিমাচল প্ৰদেশৰ কাংগাৰাৰ এছ এছ পি বিমুক্ত ৰঞ্জনে জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীয়ে ৰাজ্যখনৰ ধৰ্মশালাৰ মেকলিঅ’ড গঞ্জত ভাড়াত লোৱা বাসভৱনত চিপ লৈ আত্মহত্যা কৰে। চিপ হিচাপে তেওঁ ব্যৱহাৰ কৰে পোহনীয়া কুকুৰৰ ৰছী।

ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে ফৰেনচিক বিভাগে বিভিন্ন অনুসন্ধান চলাইছে। এতিয়ালৈ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। উল্লেখ্য মেকলিঅ’ড গঞ্জত ভাড়াত লোৱা এটা ঘৰত ইউ কেৰ বান্ধৱী এগৰাকীৰে লিভ টুগেডাৰ কৰিছিল আছিফ বশ্ৰাই।

You might also like