মহৰ জৰিয়তে সংক্রমণ সম্ভৱ নহয় ক’ভিড–১৯ মহামাৰীৰ
নিয়মীয়া বাৰ্তা ২০ জুনঃ বিশ্বজুৰি সংহাৰ সৃষ্টি কৰা ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ মহৰ জৰিয়তে হ’ব নোৱাৰে৷ শেহতীয়াকৈ চিকিৎসা বিজ্ঞানীসকলৰ অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য৷ ক’ভিড–১৯ মহামাৰীক লৈ বিশ্বজুৰি বিভিন্ন ধৰণৰ গৱেষণা চলি আছে৷ শেহতীয়াকৈ আমেৰিকাৰ কানছাছ বিশ্ববিদ্যালয়ৰ এদল বিশেষজ্ঞই এই তথ্য সদৰী কৰিছে৷ বিশ্ববিদ্যালয়খনৰ বিশেষজ্ঞ ষ্টিফেন হিগছে সদৰী কৰা অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাই পূর্বৰে পৰা মহৰ জৰিয়তে ক’ভিড–১৯ৰ সংক্রমণ সম্ভৱ নহয় বুলি দাবী কৰি আহিছে৷ শেহতীয়াকৈ পৰীক্ষাত এয়া সত্য ৰূপে প্রমাণিত হৈছে বুলিও হিগছে উল্লেখ কৰিছে৷ উল্লেখনীয় যে বিজ্ঞান জার্নাল ছাইণ্টিফিক ৰিপ’টছত ইতিমধ্যে এই সন্দর্ভত সবিশেষ তথ্য প্রকাশ পাইছে।