উত্তৰ–পূবৰ ২৮খন জিলাতেই ৫০ শতাংশতকৈ কম হৈছে টিকাকৰণ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ ক’ভিড–১৯ টিকাকৰণ অভিযান দেশজুৰি ক্ষিপ্রতৰ কৰি তোলা হৈছে৷ এশ কোটিৰ অধিক ভেকচিন ড’জ প্রদানেৰে বিশ্ব অভিলেখ গঢ়াৰ সময়তে দেশৰ ১২খন ৰাজ্যৰ ৪৫খন জিলাত ক’ভিড ভেকচিন প্রদানৰ হাৰ ৫০ শতাংশতকৈ কম৷ ক’ভিড–১৯ টিকাকৰণক লৈ ভার্চুৱেলযোগে অনুষ্ঠিত কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পর্যালোচনা বৈঠকত এই তথ্য প্রকাশ পাইছে৷ তথ্য মতে, দেশৰ ১২খন ৰাজ্যৰ ৪৫খন জিলাত টিকাকৰণৰ হাৰ ৫০ শতাংশতকৈ কম৷ এই ৪৫খন জিলাৰ ভিতৰত ২৮খনেই উত্তৰ–পূর্বাঞ্চলৰ৷ অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাও আছে ইয়াৰ ভিতৰত৷
আন ৰাজ্যৰ ভিতৰত অৰুণাচল প্রদেশৰ ৬খন জিলা, মণিপুৰৰ ৮খন জিলা, মেঘালয়ৰ ৪খন জিলা, মিজোৰামৰ ১খন জিলা আৰু নাগালেণ্ডৰ ৮খন জিলা আছে৷ আনপিনে ৫০ শতাংশতকৈ কম টিকাকৰণ হোৱা জিলাৰ ভিতৰত ছত্তিশগড়ৰ এখন জিলা, দিল্লীৰ এখন জিলা, হাৰিয়ানাৰ এখন জিলা, ঝাৰখণ্ডৰ ৮খন জিলা, মহাৰাষ্ট্রৰ ৫খন জিলা আৰু তামিলনাডুৰ এখন জিলা আছে৷ অৰুণাচল প্রদেশৰ ৬ জিলা হৈছে– ক্রা দাদি, কুৰুং কুমেই, উজনি সোৱণশিৰি, কামলে, নামনি সোৱণশিৰি, পূব কামেং মণিপুৰৰ ৮ জিলা হৈছে– কাংপোকপি, উখৰুল, কামজং, সেনাপতি, ফেৰজৱাল, তামেংলং, ননী আৰু টেঙনৌপাল৷ তেনেদৰে মেঘালয়ৰ চাৰি জিলা হৈছে– পশ্চিম খাচীপাহাৰ, দক্ষিণ গাৰোপাহাৰ, পূব গাৰোপাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰ মিজোৰামৰ জিলাখন হৈছে– লংটলাই৷ নাগালেণ্ডৰ ৮ জিলা হৈছে– কিফিৰে, টুৱেনচাং, ফেক, পেৰেন, মন, ৱখা, জুনহেবটো আৰু লংলেং৷ ক’ভিড–১৯ টিকাকৰণ ভার্চুৱেল পর্যালোচনা বৈঠকত অংশ লৈ দেশবাসীক সতর্কবাণী শুনায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দেশৰ টিকাকৰণ অভিযান লেহেমীয়া হোৱা তথা ক’ভিড–১৯ টিকাকৰণ ৫০ শতাংশতকৈ কম হোৱা ১২ ৰাজ্যৰ ৪৫ জিলাৰ মুৰব্বী তথা জিলা দণ্ডাধীশৰে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রী মোদীয়ে দেশবাসীক সতর্ক কৰি দি কয়– এশ কোটি ক’ভিড টিকাকৰণ কৰাৰ পাছত যদি আমি শিথিল হওঁ, তেতিয়াহ’লে এটা নতুন সংকট আহিব পাৰে৷
বৈঠকত প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়– কোনেও ৰোগ আৰু শত্রুক অৱহেলা কৰিব নালাগে৷ ৰোগ আৰু শত্রুৰ বিৰুদ্ধে শেষ নোহোৱালৈকে যুঁজিব লাগিব৷ গতিকে মই ক’ব বিচাৰোঁ যে আমি অলপো শিথিলতা অনা উচিত নহ’ব৷ ক’ভিড–১৯ টিকাকৰণ ক্ষিপ্রতৰ হৈ থকা সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয়– আপোনালোকৰ কঠোৰ পৰিশ্রমৰ বাবে প্রগতি দ্রুতগতিত বর্ধিত হৈ আছে৷ প্রশাসনৰ প্রতিগৰাকী সদস্য, আশাকর্মীয়ে অধিক পৰিশ্রম কৰি মাইল মাইল খোজকাঢ়ি গ্রামাঞ্চলত টিকাকৰণ চলাই আছে৷ কিন্তু যদি ১০০ কোটি ভেকচিন ড’জ প্রদানৰ পাছত আমি শিথিল হওঁ, তেতিয়াহ’লে নতুন সংকট আহিব পাৰে৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে উদ্ভাৱনী পদ্ধতি ব্যৱহাৰ কৰি নতুন সমাধান সূত্রৰ দ্বাৰা ক’ৰোনাৰ বিৰুদ্ধে দেশবাসীয়ে যুঁজিবলৈ সক্ষম হৈছে৷ গতিকে আপোনালোকেও নিজৰ অঞ্চলত টিকাকৰণ বৃদ্ধিৰ বাবে অধিক উদ্ভাৱনী পদ্ধতিৰ বাবে কাম কৰিব লাগিব৷ ৪৫ জিলাৰ দণ্ডাধীশক সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়্ পুনৰ কয় যে টিকাকৰণ অভিযানৰ বাবে ঘৰে ঘৰে অভিযান চলাব লাগিব আৰু ইয়াৰ বাবে ধর্মীয় নেতাসকলৰ সহায় ল’ব লাগিব৷ সামাজিক আন্তঃগাঁথনিৰ পৰা প্রযুক্তিলৈকে টিকাকৰণৰ সজাগতাৰ বাবে আমি সকলো ব্যৱহাৰ কৰিব লাগিব৷ দীপাৱলীয়ে টিকাকৰণত উৎসাহিত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ এই ভার্চুৱেল বৈঠকত উল্লিখিত ৰাজ্যকেইখনৰ মুখ্যমন্ত্রীয়েও অংশগ্রহণ কৰে৷ গুৰুত্বপূর্ণ যে ভিডি’ কনফাৰেঞ্চযোগে অনুষ্ঠিত এই বৈঠকখনত প্রধানমন্ত্রী মোদীয়ে অলপতে ভেটিকান চিটীত খ্রীষ্টান ধর্মগুৰু পোপ ফ্রান্সিছক সাক্ষাতৰ প্রসংগ উল্লেখেৰে টিকাকৰণ অভিযানত ধর্মীয় নেতাৰ সহায় লৈ সজাগতা আৰু ক’ভিড টিকাকৰণক লৈ জনতাক উৎসাহিত কৰাৰ পৰামর্শ আগবঢ়ায়৷
স্কটলেণ্ডত প্রবাসী ভাৰতীয়ৰে ড্রাম বজালে প্রধানমন্ত্রী মোদীয়ে
স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত ৰাষ্ট্রসংঘৰ ক’প–২৬ জলবায়ু সন্মিলনত অংশ লোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভ্রমণৰ সময়ছোৱাত প্রবাসী ভাৰতীয় সম্প্রদায়ক সম্বোধন কৰে৷ প্রধানমন্ত্রী মোদীক আদৰণি জনোৱা প্রবাসী ভাৰতীয়ৰ সৈতে ড্রাম বজাই শিল্পীক অভিবাদন জনোৱাৰ লগতে মোদীয়ে কিছুসময় বিনোদন কৰে৷ গ্লাছগ’ ভ্রমণ সামৰি স্বদেশলৈ উভতি অহাৰ সময়ত বিদায় সম্ভাষণ জনাবলৈ অহা স্কটিছ ভাৰতীয় সম্প্রদায়ৰ কেইবাগৰাকীও নেতাৰ সৈতে প্রধানমন্ত্রী মোদীয়ে অন্তৰংগ আলাপত অংশ লোৱৰ লগতে তেওঁক বিদায় জনাবলৈ অহা শিল্পী দলৰ ড্রাম বজাই দেশখনৰ নাগৰিকক আপ্লুত কৰে৷ ভাৰতীয় পৰম্পৰাগত সাজ আৰু টার্বান পৰিহিত জনসমাগমক মোদীয়ে হাত জোকাৰি বিদায় সম্ভাষণ জনাই নতুন দিল্লীলৈ উভতি আহে৷ ইপিনে গ্লাছগ’ত ক’প–২৬ সন্মিলনত ঐতিহাসিক ভাষণ প্রদান কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ গ্রেট ব্রিটেইন আৰু ভাৰতে এই সন্মিলনৰ সময়তে পৰিচ্ছন্ন বিদ্যুতৰ বিশ্ব গঢ়াৰ লক্ষ্যৰে নতুন অভিযান ‘গ্রীন গ্রিড্ছ ইনিচিয়েটিভ– ‘ৱান ছান ৱান ৱর্ল্ড ৱান গ্রিড’, চমুকৈ জি জি আই–’ এছ অ’ ডব্লিউ অ’ জি মুকলি কৰে৷ ব্রিটেইন আৰু ভাৰতৰ এই যুটীয়া অভিযানে মহাদেশ, দেশ আৰু সম্প্রদায়ৰ মাজত বিদ্যুৎ গ্রিড সংযোগৰ বিকাশ আৰু স্থাপন ক্ষিপ্রতৰ কৰি তোলাত সহায় কৰিব৷ মিনি গ্রিডছ আৰু অফ গ্রিড ছলুচনৰ জৰিয়তে অতি দুখীয়া দেশসমূহৰো বিদ্যুৎ ব্যৱস্থা উন্নীত হ’ব৷ ব্রিটেইন আৰু ভাৰতৰ এই নতুন অভিযান জি জি আই–’ এছ অ’ ডব্লিউ অ’ জিক ৮০তকৈ অধিক দেশে সমর্থন জনাইছে৷ এই নতুন অভিযানৰ কর্ণধাৰ কমিটীত অংশ হিচাপে আছে অষ্ট্রেলিয়া, ফ্রান্স আৰু গ্রেট ব্রিটেইন৷ দুই দেশৰ এই অভিযানত ২০৩০ চনলৈকে গ্রিড সম্প্রসাৰণ আৰু আধুনিকীকৰণৰ কাৰণে বার্ষিক ২৬০ বিলিয়ন মার্কিন ডলাৰৰ পৰা ৮০০ মার্কিন ডলাৰ বিনিয়োগ হ’ব৷ মন কৰিবলগীয়া যে ব্রিটেইন আৰু ভাৰতৰ এই যুটীয়া অভিযানটোৱে আন্তর্জাতিক বিদ্যুৎ গ্রিড অংশীদাৰিত্বক একত্রিত কৰিব৷