নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন অস্ত্রৰ সফল পৰীক্ষণ কৰিলে উত্তৰ কোৰিয়াই

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধই বিশ্বৰ দেশসমূহক শংকিত কৰি ৰখাৰ সময়তে উত্তৰ কোৰিয়াই নতুন অস্ত্রৰ সফল পৰীক্ষণ কৰিলে৷ এই নতুন অস্ত্রই উত্তৰ কোৰিয়াৰ কৌশলগত পাৰমাণৱিক সক্ষমতা বৃদ্ধি কৰিব৷ দেশখনৰ শাসক কিম জং–উনে দিয়া নির্দেশ অনুসৰিয়েই প্রতিৰক্ষা সক্ষমতা বৃদ্ধি আৰু পাৰমাণৱিক যুদ্ধৰ বাহিনী গঠনত গুৰুত্ব প্রদান কৰা হৈছে৷

দক্ষিণ কোৰিয়াৰ সেনাবাহিনীয়ে প্রকাশ কৰা মতে উত্তৰ কোৰিয়াই শনিবাৰে নিশা দেশখনৰ দক্ষিণৰ সাগৰত দুটাকৈ নতুন অস্ত্র সফল পৰীক্ষণ কৰিছে৷ বিশ্বসমুদায়ক অংগুষ্ঠ প্রদর্শন কৰি শাসক কিম জং–উনে ইটোৰ পিছত সিটো পাৰমাণৱিক অস্ত্রৰ সফল পৰীক্ষণ চলাই আহিছে৷ কৌশলগত পাৰমাণৱিক সক্ষমতা উন্নীত কৰাৰ লক্ষ্যৰে শনিবাৰে নিশা নতুন অস্ত্রৰ সফল পৰীক্ষণক লৈ বিশ্বৰ দেশসমূহে সূক্ষ্ম নিৰীক্ষণ কৰিছে৷

You might also like