নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিম জং উনৰ নতুন নিৰ্দেশে কঁপাইছে উত্তৰ কোৰিয়া

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ তেওঁৰ কাণ্ড-কাৰখানাই প্ৰায়েই চকু কপালত তোলে বিশ্বৰ। তেওঁ হ’ল উত্তৰ কোৰিয়াৰ একছত্ৰী শাসক কিম জং উন। এক নতুন ফৰমান জাৰি কৰিছে উনে। এই ফৰমান মতে, উত্তৰ কোৰিয়াজুৰি নিষিদ্ধ কৰা হৈছে বিদেশী সংবাদ মাধ্যমক।

ইয়াৰ লগতে দক্ষিণ কোৰিয়াৰ চিনেমা, ছিৰিজ সম্প্রচাৰ তথা প্ৰত্যক্ষ কৰাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিষেধাজ্ঞা অমান্য কৰিলে মোটা অংকৰ জৰিমনা তথা শাস্তিৰ সন্মুখীন হব লাগিব দেশৰ জনতা।

উল্লেখ্য, দক্ষিণ কোৰিয়াৰ লগত উত্তৰ কোৰিয়াৰ সম্পর্ক একেবাৰেই টেঙা। জানিব পৰা মতে, উত্তৰ কোৰিয়াৰ কোনো শিশু যদি প্রতিবেশী দেশে নির্মাণ কৰা অনুষ্ঠান প্ৰত্যক্ষ কৰে, তেন্তে শিশুটিৰ বাপেক-মাকৰ ১৫ বছৰ পর্যন্ত কাৰাবাস হ’ব পাৰে।

You might also like