সময়ত নুফুলিল ফুল, শাস্তি পাব মালীয়ে
বিশেষ বাৰ্তা, ১৭ফেব্ৰুৱাৰীঃ তেওঁ ঠিৰাং কৰিছিল ১৬ ফেব্রুৱাৰীত পিতৃৰ জন্মদিন বিশেষ ফুলেৰে সজাই তুলিব। কিন্তু সেই আশাত চেঁচা পানী পৰিল। আৰু তাতেই ক্ষোভত ফাঁটি উঠিল উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উন। তাৰ পাছত কি কৰিলে? কিমৰ পিতৃ জং-ইলৰ নাম অনুসৰি সেই ফুলৰ নামকৰণ কৰা হয় কিমজংগিলিয়াছ। বিশেষ প্রজাতিৰ এই ফুল ফুলিবলৈ উপযুক্ত পৰিৱেশৰ প্রয়োজন। গ্রীণ হাউছত সেই উপযুক্ত পৰিৱেশ তৈয়াৰ কৰি এই ফুলবিধ ফুলাৰ ব্যৱস্থা কৰা হয় উত্তৰ কোৰিয়াত।
সংবাদ সূত্ৰই সদৰী কৰা অনুসৰি, ১৬ ফেব্রুৱাৰীত আছিল কিমৰ পিতৃৰ জন্মদিন।কিমজংগিলিয়াছ ফুলেৰে পিতৃৰ প্ৰতিমূর্ত্তি সজাই তুলিব বিচাৰিছিল কিমে। মতাই অনা হয় গ্রীণ হাউছৰ মেনেজাৰ হানক। তেওঁ হাজিৰ হৈছিল ঠিকেই, কিন্তু ফুল লৈ আহিব পৰা নাছিল। কিয়নো, সময়মতে গছে ফুল ফুলা নাছিল। গছত ফুল ফুলোৱাত ব্যর্থ হৈছিল তেওঁ। পিতৃৰ স্মৃতিত যি ফুলৰ নামকৰণ কৰা হৈছে, সেই ফুল সময়ত নাপাই খঙত অগ্নিশর্মা হৈ উঠে কিম। ইয়াৰ পাছতে হান আৰু তেওঁৰ সমস্ত মালীক ছমাহৰ সশ্রম কাৰাদণ্ডৰ নির্দেশ দিয়ে।