নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাকৃতিকভাৱে উদ্ভৱ হোৱা নাই ক’ভিড–১৯

নিয়মীয়া বাৰ্তা ২৫ মেঃ আমেৰিকাৰ বিশিষ্ট সংক্রামক ৰোগ বিশেষজ্ঞ ডাঃ এণ্টনী ফাউচিয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে ক’ভিড–১৯ ভাইৰাছ প্রাকৃতিকভাৱে উৎপন্ন হোৱা নাছিল৷ বিশ্বজুৰি কোটি কোটি লোক ক’ভিড মহামাৰীত আক্রান্ত হৈছে৷ এনে এবিধ মাৰাত্মক ভাইৰাছ প্রাকৃতিকভাৱে উদ্ভৱ হোৱাটো কেতিয়াও বিশ্বাসযোগ্য নহয় বুলি ঘোষণা কৰিছে আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ এলার্জীছ এণ্ড ইনফেকছাছ ডিজিজ (এনআইএআইডি)ৰ সঞ্চালকগৰাকীয়ে৷ গতিকে এইক্ষেত্রত এক মুকলি তদন্ত হোৱা উচিত বুলি দাবী কৰিছে ফাউচিয়ে৷ মুকলি তদন্ত হ’লে মাৰাত্মক ভাইৰাছবিধৰ উদ্ভৱৰ মূল কাৰণ পোহৰলৈ আহিব বুলি ঘোষণা কৰিছে বিশিষ্ট চিকিৎসকগৰাকীয়ে৷ শেহতীয়াকৈ ‘ইউনাইটেড ফেক্টছ অৱ আমেৰিকা’ শীর্ষক এক কার্যসূচীত অংশগ্রহণ কৰি এই মন্তব্য কৰিছে ফাউচিয়ে৷ স্মর্তব্য যে আমেৰিকাই পূর্বৰে পৰা চীনৰ য়ুহানৰ গৱেষণাগাৰত ক’ভিড–১৯ ভাইৰাছ প্রস্তুত কৰা হৈছিল বুলি দাবী কৰি আহিছে৷

You might also like