বিমানৰ পৰা বাহিৰ কৰি দিলে মাস্ক নিপিন্ধা মহিলা যাত্রীক
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ প্রাণঘাতী ক’ভিড–১৯ৰ সংক্রমণৰ পৰা সুৰক্ষিত কৰিবলৈ মাস্ক পিন্ধাটো বাধ্যতামূলক যদিও আমেৰিকান এয়াৰলাইন্সৰ বিমান এখনত এগৰাকী মহিলা যাত্রীয়ে মাস্ক নিপিন্ধাৰ বাবে বিমানৰ পৰা বাহিৰ কৰি দিলে কর্তৃপক্ষই৷ উল্লেখ্য যে উৰণৰ পূর্বে সকলো যাত্রীকে মাস্ক পিন্ধিবলৈ নির্দেশ দিয়া হয়৷ সেই মর্মে সকলো যাত্রীয়ে মাস্ক পিন্ধে৷ কিন্তু অহি’ৰ পৰা নর্থ কেৰ’লিনাগামী বিমান এখনত মহিলা যাত্রী এগৰাকীয়ে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো মাস্ক পৰিধান নকৰাত বিমানৰ কর্তৃপক্ষই মহিলাগৰাকীক অৱশেষত বাহিৰ কৰি দিয়ে৷ ইনষ্টাগামত ভাইৰেল হোৱা এই ঘটনাটি জর্দান শ্লেদে নামৰ যাত্রী এগৰাকীয়ে প্রচাৰ কৰি বাহিৰ কৰি দিয়া মহিলাগৰাকীক চেমিং বুলি পৰিচয় দিছে৷