নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীপটিত মানৱতকৈ বুদ্ধিমান সভ্যতা

নটিংহাম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ তথ্যঃ নতুন ‘মহাজাগতিক বিৱর্তন’

নিয়মীয়া বাৰ্তা ১৭ জুনঃ মহাজাগতিক ৰহস্য উদ্ঘাটনৰ বাবে বিশ্বৰ বিজ্ঞানীসকলে অহোপুৰুষার্থ কৰি আছে৷ পৃথিৱীৰ বাহিৰে সৌৰজগতৰ আন গ্রহত প্রাণী আছেনে নাই সেই সন্দর্ভত গৱেষণা চলাই থকাৰ সমান্তৰালকৈ সৌৰজগতৰ বাহিৰৰ তাৰকাপুঞ্জতো বহির্বিশ্বৰ প্রাণীৰ (এলিয়েন) সন্ধান অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ নটিংহাম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল এটাই লাভ কৰা তথ্য মতে নতুন মহাজাগতিক বিৱর্তনৰ ৰূপত আমাৰ গ্রহ থকা সৌৰজগতৰ হাতীপটিত ৩৬ বুদ্ধিমান এলিয়েন সভ্যতা আছে৷ এই সভ্যতা মানৱতকৈ অধিক বুদ্ধিমান বুলি আশা ব্যক্ত কৰিছে বিজ্ঞানীৰ দলটোৱে৷ তাৎপর্যপূর্ণ যে পৃথিৱীৰ সৈতে সৌৰজগত হাতীপটিৰ অন্তর্ভুক্ত৷ এই হাতীপটিত ৪০০ বিলিয়ন তৰা–নক্ষত্র আছে৷ ইয়াৰে কিছুসংখ্যকত জীৱৰ উপস্থিতি থাকিব পাৰে বুলি বিজ্ঞানীসকলে অনুমান কৰি আহিছে৷ সেই অনুমানৰ আধাৰত চলোৱা গৱেষণাৰ প্রতিবেদন এষ্ট্র’ফিজিকেল জার্নেলত প্রকাশ পাইছে৷ নটিংহাম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ১৯৬২ চনত ফ্রাংক ড্রেকৰ ফর্মূলা ড্রেক সমীকৰণৰ আধাৰত এই গৱেষণা চলাইছিল৷ উল্লেখ্য যে ড্রেকৰ সমীকৰণৰ মতে, আমাৰ নক্ষত্রপুঞ্জত বুদ্ধিমান সভ্যতাৰ ইংগিত আছিল৷ সেই আধাৰকে প্রাধান্য দি বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীৰ দলটোৱে লাভ কৰা তথ্য মতে হাতীপটিত থকা ৩৬ বুদ্ধিমান বহির্বিশ্বৰ সভ্যতা পৃথিৱীৰ পৰা ১৭ হাজাৰ আলোকবর্ষ নিলগত আছে৷ গতিকে ইয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ লগতে সেই সভ্যতাক চিনাক্ত কৰাটো সহজ নহয়৷ অর্থাৎ বিজ্ঞানীসকলে এইক্ষেত্রত আৰু অধিক গৱেষণাৰ লগতে আধুনিক মহাকাশ বিজ্ঞান উন্নত হ’ব লাগিব বুলি প্রতিবেদনত উল্লেখ কৰিছে৷ যি কি নহওক, বহির্বিশ্বৰ সভ্যতাৰ সম্ভাব্য বাতৰি পৃথিৱীবাসীৰ বাবে আশাব্যঞ্জক৷

You might also like