পাঞ্জাবৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত আঁৰি থোৱা ফটো এখনক লৈ সমালোচনা
বিশেষ বাৰ্তা, ১৯ মাৰ্চঃ পাঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ কাৰ্যালয়ত আঁৰি থোৱা এখন ফটোৱে এতিয়া যথেষ্ট সমালোচনাৰ সৃষ্টি কৰিছে। শ্বহীদ ভগত সিঙৰ পৈতৃক গাওঁ খটকৰ কলনত শপতগ্ৰহণ সমাৰোহৰ আযোজন কৰা নতুন মুখ্যমন্ত্ৰীজনৰ আদৰ্শ ব্যক্তি হ’ল ভগত সিঙ। দেশৰ হ’কে ফাঁচীকাঠত উঠা ভগত সিঙৰ হালধীয়া পাগুৰি তেওঁৰো পৰিচয় হৈ উঠিছে। আনকি ভগত সিঙৰ স্বপ্নৰ পাঞ্জাবখন গঢ়িব বিচাৰে মানে। নিৰ্বাচনত জয়ী হোৱাৰ আগতেই আপৰ ৰাষ্ট্ৰীয় নেতা অৰবিন্দ কেজৰিৱাল আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মানে কৈ আহিছিল যে যদি ৰাজ্যখনত তেওঁলোকৰ নেতৃত্বত চৰকাৰ গঠন হয় তেন্তে মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়ত আগৰ মুখ্যমন্ত্ৰীসকলৰ ফটোৰ বিপৰীতে বি আৰ আম্বেদকাৰ আৰু ভগত সিঙৰ ফটো আঁৰিব। কিন্তু মানৰ কাৰ্যালয়ত ভগত সিঙৰ যিখন ফটো লগোৱা হৈছে সেইখন পাঞ্জাব চৰকাৰে নিৰ্ণয় কৰা ভগত সিঙৰ চাৰিখন আচল ফটোৰ ভিতৰৰ নহয়। এইখন শ্বহীদগৰাকীৰ কাল্পনিক ছবি বুলি বিভিন্ন মহলে সমালোচনা কৰিছে। ভগত সিঙে বাসন্তী ৰঙৰ কোনো পাগুৰি লগোৱাৰো সঠিক তথ্য কাৰো হাতত নাই।