নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ ছেপ্টেম্বৰত ৰাফেল যুদ্ধ বিমানৰ আনুষ্ঠানিক অন্তর্ভুক্তি

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ হাৰিয়ানাৰ আম্বালা বায়ুসেনা ঘাটিত অহা ১০ ছেপ্ঢেম্বৰত ৫খন ৰাফেল যুদ্ধ বিমান ভাৰতীয় বায়ুসেনা বাহিনীৰ ১৭ গ’ল্ডেন এৰ’জ স্কোৱাড্র’নত আনুষ্ঠানিকভাৱে অন্তর্ভুক্তি কৰিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ এই আনুষ্ঠানিক অন্তর্ভুক্তি অনুষ্ঠানত উপস্থিত থাকিব ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রী ফ্ল’ৰেন্স পার্লি৷

উল্লেখ্য যে ৫খন ৰাফেল যুদ্ধ বিমান ফ্রান্সৰ পৰা আহি যোৱা ২৯ জুলাইত ভাৰতৰ আম্বালা বায়ুসেনা ঘাটিত অৱতৰণ কৰিছিল৷ দেশৰ বায়ুসেনা বাহিনীৰ শক্তিশালীকৰণৰ অন্যতম পদক্ষেপ হিচাপে ৩৬ ৰাফেল যুদ্ধ বিমান ফ্রান্সৰ সৈতে চুক্তি সম্পন্ন হোৱাৰ পাছত যোৱা বর্ষৰ অক্টোবৰত দেশৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ফ্রান্সলৈ গৈ প্রথমখন যুদ্ধ বিমান গ্রহণ কৰিছিল আৰু তাত তেওঁ পূজা–র্চনা কৰিছিল৷ ইয়াৰ পাছতে চলিত বর্ষৰ জুলাই মাহত ৫খন ৰাফেল যুদ্ধ বিমান ভাৰতলৈ অনা হয়৷

You might also like