নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রনৰ সংক্রমণ বৃদ্ধিক লৈ বিশ্বজুৰি আতংক

ভাৰতত ক’ৰোনাৰ সংক্রমণ ২৪ ঘণ্টাত ৪০ শতাংশতকৈ অধিক বৃদ্ধি

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ঘাতক ক’ভিড–১৯–এ পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে৷ চীনৰ য়ুহানত ২০১৯ চনৰ শেষৰ ফালে প্রাদুর্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছে ২০২০ বর্ষটোত সংহাৰ চলাই বিশ্বৰ অর্থনীতি বিধ্বস্ত কৰি তোলাৰ পাছত লাহে লাহে অর্থনীতিৰ লগতে সামাজিক জীৱন সুস্থিৰ হ’বলৈ ধৰাৰ সময়তে পুনৰ বিশ্বজুৰি ক’ভিড–১৯ৰ সংক্রমণ ভয়াৱহ হাৰত বৃদ্ধি পাইছে৷ ক’ভিড–১৯ৰ ডেল্টা প্রকৰণে বিশ্বত সংহাৰী ৰূপ লৈ পিছলৈ স্তিমিত হ’লেও পুনৰ নতুন ৰূপত ক’ৰোনাই বিশ্বজুৰি হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে৷ ডেল্টা প্রকৰণৰ পাছত দক্ষিণ আফ্রিকাত চিনাক্ত হোৱা ক’ভিডৰ নতুন প্রকৰণ অমিক্রনক লৈ বিশ্বৰ দেশে দেশে হাহাকাৰ লগিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই উদ্বিগ্ণ প্রকৰণ বুলি ঘোষিত অমিক্রন ইতিমধ্যে ১২০খন দেশলৈ বিয়পি পৰিছে৷

আনপিনে প্রাদুর্ভাৱৰ পাছত এদিনত আমেৰিকা যুক্তৰাষ্ট্রত অনাকাংক্ষিত অভিলেখেৰে ৫.১২ লক্ষাধিক লোক আক্রান্ত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ সমান্তৰালকৈ ইউৰোপ, অষ্ট্রেলিয়া আদিতো নতুন প্রকৰণ অমিক্রন নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ দিশত৷ ২৪ ঘণ্টাত সর্বাধিক ৫.১২ লক্ষাধিক আমেৰিকাত আক্রান্ত হোৱাত দেশখনত আক্রান্তৰ সংখ্যা ৫৪ নিযুত অতিক্রম কৰিছে৷ জনছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ তথ্য মতে আমেৰিকাত যোৱা ২৪ ঘণ্টাত ৫.১২ লক্ষাধিক আক্রান্ত হোৱাৰ লগতে ১,৭৬২জন লোকৰ মৃত্যু ঘটিছে৷ ইয়াকে লৈ আমেৰিকাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮,৪২,০০০লৈ বৃদ্ধি পাইছে৷

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপ আৰু অষ্ট্রেলিয়াত দ্রুতগতিত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ সংস্থাটোৰ মতে, বিগত সপ্তাহটোত ক’ভিডত আক্রন্তৰ সংখ্যা ১১ শতাংশ বৃদ্ধি পাইছে৷ অর্থাৎ সপ্তাহটোত প্রায় ৫ নিযুত লোক ক’ভিডত আক্রান্ত হৈছে৷ তথ্য মতে, আমেৰিকা যুক্তৰাষ্ট্রত ৩৯ শতাংশ, আফ্রিকাত ৭ শতাংশ, ইউৰোপত ৩ শতাংশ ক’ভিডত সংক্রমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অমিক্রনৰ সংক্রমণ ১২০খন দেশলৈ সম্প্রসাৰিত হোৱা বুলি উল্লেখ কৰি অমিক্রন বিপজ্জনক বুলি সতর্ক কৰি দিছে৷ অমিক্রন বিপজ্জনক বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰাৰ লগতে দেশে দেশে দ্রুতগতিত অমিক্রনত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত বিশ্বজুৰি বিমান সেৱাত ব্যাঘাত জন্মিছে৷ তথ্য মতে অমিক্রনৰ শংকাত ১২ সহস্রাধিক বিমানৰ উৰণ বাতিল হোৱাৰ লগতে ১০ সহস্রাধিক বিমানৰ উৰণ বিলম্ব কৰিবলগীয়া হৈছে৷ পৱিত্র বৰদিন উদ্যাপনৰ পাছৰে পৰা ক’ভিড–১৯ বিশেষকৈ অমিক্রনক লৈ বিশ্বৰ দেশসমূহৰ মাজত শংকা বৃদ্ধি পাইছে৷ এনে পৰিপ্রেক্ষিততে ১২ সহস্রাধিক বিমানৰ উৰণ বাতিল কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ১০ সহস্রাধিক বিমান উৰণৰ ক্ষেত্রত বিলম্ব কৰিবলগীয়া হৈছে৷

সোমবাৰৰ পৰা আজিলৈকে দেশে দেশে অমিক্রনৰ শংকাত বিমানৰ উৰণ বাতিল কৰিবলগীয়া হোৱাত বিমান সেৱাৰ অর্থনীতিত নেতিবাচক প্রভাৱ পৰিছে৷ আমেৰিকা, ইউৰোপ, অষ্ট্রেলিয়াৰ লগতে চীনতো অমিক্রনক লৈ এক শংকাময় পৰিস্থিতি সৃষ্টি হৈছে৷ চীনে অমিক্রনৰ সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি লকডাউনকে ধৰি ক’ভিড–১৯ প্রট’কল কঠোৰ কৰি তুলিছে৷ আনপিনে অমিক্রনসহ ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ভাৰততো দ্রুতগতিত বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত দেশখনত ক’ভিড–১৯ত আক্রান্তৰ হাৰ ৪০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত দেশত ৯,১৯৫জন লোক ক’ভিড পজিটিভ হৈছে৷ এই আক্রান্তৰ সংখ্যা বিগত কেইবাদিনৰ তুলনাত ৪০ শতাংশ বৃদ্ধি৷ আনপিনে অমিক্রনত আক্রান্তৰ সংখ্যাও দেশজুৰি দ্রুতগতিত বৃদ্ধি পাইছে৷ অমিক্রনত আক্রান্তৰ সংখ্যা ৮০০ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ দেশত সর্বাধিক ২৩৮জন অমিক্রনত আক্রান্ত হৈছে ৰাজধানী দিল্লীত৷ মহাৰাষ্ট্রত আক্রান্ত হৈছে ১৬৭জন৷

ইতিমধ্যে দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ অমিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷ দিল্লী আৰু মহাৰাষ্ট্রৰ পাছত ক্রমে গুজৰাটত ৭৩, কেৰালাত ৬৫, তেলেংগানাত ৬২, ৰাজস্থানত ৪৬, কর্ণাটকত ৩৪, হাৰিয়ানাত ১২, পশ্চিমবংগত ১১, মধ্যপ্রদেশত ৯, ওড়িশাত ৮, অন্ধ্রপ্রদেশত ৬, উত্তৰাখণ্ডত ৪, চণ্ডীগড়ত ৩, জম্মু–কাশ্মীৰত ৩, উত্তৰ প্রদেশত ২, গোৱাত ১, হিমাচল প্রদেশত ১, লাডাখত ১ আৰু মণিপুৰত ১জন আক্রান্ত হৈছে৷ উল্লেখ্য যে অমিক্রনৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ৰাজধানী দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে চিনেমা হল, শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছে৷ বজাৰ, জনসমাগম আদিত কঠোৰ নির্দেশনা জাৰি কৰিছে৷ মহাৰাষ্ট্র, উত্তৰ প্রদেশ, হাৰিয়ানা, কেৰালা, মধ্যপ্রদেশ আদি ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ অমিক্রনৰ শংকাত দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক ক’ভিড নির্দেশনা কঠোৰভাৱে পালন কৰিবলৈ কেন্দ্রীয় চৰকাৰে নির্দেশ দিছে৷

You might also like