ডেল্টাতকৈ ৭০ গুণ অধিক দ্রুত সংক্রমণ কৰে অমিক্রনে
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ দেশত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনত আক্রান্তৰ সংখ্যা৷ ৰাজধানী নতুন দিল্লীত বৃহস্পতিবাৰে নতুনকৈ চাৰিজন অমিক্রনত আক্রান্ত হোৱাৰ লগতে কর্ণাটকত ৪ আৰু গুজৰাটত আন এজন লোক আক্রান্ত হোৱাত দেশত আক্রান্তৰ সংখ্যা ৮৩জনলৈ বৃদ্ধি পাইছে৷ দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত হোৱা এই অমিক্রনক লৈ বিশ্ববাসী শংকিত হৈ ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰিছে৷ ভাৰতেও আন্তর্জাতিক যাত্রীৰ ক্ষেত্রত ক’ভিড–১৯ প্রট’কল কঠোৰ কৰি তুলিছে যদিও ইতিপূর্বে বিদেশৰ পৰা অহা যাত্রীৰ দেহত অমিক্রন ধৰা পৰিছে৷ ৮৩ অমিক্রনত আক্রান্ত লোকৰ ভিতৰত ৬৫তকৈ অধিক দক্ষিণ আফ্রিকাকে ধৰি বিভিন্ন দেশৰ পৰা ভাৰতলৈ অহা লোক৷
বিশ্ব স্বাস্থ্য সংস্থাই অমিক্রনত উদ্বিগ্ণ প্রকৰণ বুলি ঘোষণা কৰাৰ পাছত দেশ–বিদেশৰ চিকিৎসক–বিজ্ঞানীস এই অমিক্রনক লৈ গৱেষণা আৰম্ভ কৰিছে৷ বিভিন্ন বিজ্ঞানীয়ে অমিক্রনৰ বৈশিষ্ট্য আৰু ইয়াৰ ভয়াৱহতা সন্দর্ভত সঠিককৈ ব্যাখ্যা আগবঢ়াব পৰা নাই৷ অৱশ্যে বিজ্ঞানীয়ে ক’ভিডৰ আন প্রকৰণতকৈ অমিক্রনৰ সংক্রমণৰ তীব্রতা অধিক বুলি প্রকাশ কৰিছে৷ শেহতীয়াভাৱে হংকং বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে অমিক্রনক ডেল্টাতকৈ ৭০ গুণ দ্রুততম সংক্রমিত বুলি প্রকাশ কৰিছে৷
মন কৰিবলগীয়া যে ক’ভিডৰ এক প্রকৰণ ডেল্টাই ভয়াৱহ ৰূপ লৈ বিশ্বৰ বিভিন্ন দেশত সংহাৰী ৰূপ লৈছিল৷ এই ডেল্টা প্রকৰণতকৈও অধিক সংক্রমিত আৰু অতি দ্রুতগতিত প্রসাৰিত অমিক্রন৷ বিশ্ববিদ্যালয়খনৰ সহযোগী অধ্যাপক মাইকেল ছান ছি–ৱেই প্রকাশ কৰা মতে, সংক্রমিত লোকৰ দেহৰ পৰা অমিক্রনক একাষৰীয়া কৰি ২০২০ চনৰ প্রকৃত ক’ভিড–১৯ সংক্রমণৰ সৈতে তুলনা কৰাত ভয়াৱহ ডেল্টা প্রকৰণতকৈ দ্রুততম সংক্রমিত অমিক্রন বুলি নিশ্চিত কৰিছে৷ মানৱ দেহৰ হাঁওফাঁওত ডেল্টাতকৈ অধিক দ্রুতগতিত সংক্রমিত হয় অমিক্রন৷ সংক্রমনৰ ২৪ ঘণ্টাৰ পাছতেই অমিক্রন ডেল্টাতকৈ ৭০ গুণ দ্রুতগতিত প্রসাৰিত হয়৷