নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ বিবাহ বাৰ্ষিকীৰ দিনাই অঘটন। উত্তৰ প্ৰদেশৰ আলিগড়ৰ এক অঞ্চলত মটৰচাইকেল এটা খোলা নলাত পৰি এজন ৪২ বছৰীয়া চিকিৎসকৰ মৃত্যু হয়। তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে এই দুৰ্ঘটনাৰ দিনাই মৃত চিকিৎসকজনৰ বিবাহ বাৰ্ষিকী আছিল।
উল্লেখ্য যে ব্যক্তিগত হাস্পতালৰ চিকিৎসক ড০ ৰাজীৱ গুপ্তাই দেওবাৰে তেওঁৰ ২২ তম বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল। কিছু সামগ্ৰী কিনিবলৈ তেওঁৰ দুচকীয়া বাহনখন লৈ উলায় আহিছিল আৰু তেতিয়াই মটৰচাইকেলৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে।
আৰক্ষীয়ে জনোৱা মতে, আলীগড় পৌৰ নিগম কৰ্তৃপক্ষই কাম সমাপ্ত নকৰাকৈ নলাটো খোলা হিচাপে ৰাখিছিল বুলি ড০ গুপ্তাই জনা নাছিল। ইপিনে পৌৰ নিগম কৰ্তৃপক্ষই জনসাধাৰণক সতৰ্ক কৰিবলৈ সেই স্থানত কোনো বেৰিকেড বা ছাইনব’ৰ্ড ৰখা নাছিল।
আনহাতে অঞ্চলটোৰ চিচিটিভি ফুটেজত দেখা গৈছে যে চিকিৎসকজনে ড্ৰেইনৰ পৰা বাহিৰলৈ যাবলৈ চেষ্টা কৰিছিল যদিও পিছলি পৰি নলাটোৰ ইটাৰ বেৰত পৰি মুৰটো আঘাত পায়। পাছত পথচাৰীয়ে তেওঁক টানি বাহিৰলৈ উলিয়াবলৈ সমৰ্থ হয় আৰু তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। কিন্তু অৱশেষত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।