নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিন এগৰাকী হিজাব পৰিহিতাই দেশৰ প্ৰধানমন্ত্ৰী হ’ব

কৰ্ণাটকৰ হিজাব বিতৰ্ক শেষ হোৱা দূৰৰ কথা, ইয়াক এজনৰ পাছত আনজন ৰাজনৈতিকে টানিহে আছে। এইবাৰ এই বিতৰ্কক আৰু উষ্ম কৰাৰ চেষ্টা এআইএমআইএমৰ নেতা আছাদুদ্দিন অ’ৱেচিৰ। তেওঁ শেহতীয়াকৈ এক টুইটত লিখিছে যে আল্লাৰ দোৱাত এদিন এগৰাকী হিজাব পৰিহিতাই দেশৰ প্ৰধানমন্ত্ৰী হ’ব।

যদি আমাৰ কোনো জীয়ৰীয়ে হিজাব পিন্ধিব বিচাৰে আমি পিন্ধিব দিম, কোনেও তাত বাধা দিব নোৱাৰে। হিজাব পিন্ধি কলেজলৈও যাব, কালেক্টৰ-বিজনেছ মেন-এছডিএম সকলো হ’ব, আৰু আনকি এদিন এইখন দেশৰ এজনী জীয়ৰীয়ে হিজাব পিন্ধি প্ৰধানমন্ত্ৰীও হ’ব।

You might also like