নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত এদিনত আক্রান্তৰ বিশ্ব অভিলেখ

মৃতকৰ সংখ্যাৰে বিশ্বৰ তৃতীয় স্থানত ভাৰত

 নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ আনলক ৪.০ নির্দেশনা ঘোষণাৰ দিনাই ক’ভিড–১৯ সংক্রমণৰ অনাকাংক্ষিত বিশ্ব অভিলেখ গঢ়িলে ভাৰতে৷ ২৪ ঘণ্টাত অর্থাৎ এদিনত সর্বাধিক ৭৮,৭৬১জন আক্রান্তৰে এদিনত সর্বাধিক আক্রান্ত আমেৰিকা যুক্তৰাষ্ট্রক চেৰ পেলাই ভাৰতে বিশ্ব অভিলেখ গঢ়িলে৷ বিগত ২৪ ঘণ্টাত দেশজুৰি ১০.৫৫ লাখৰ ক’ভিড–১৯ৰ নমুনা সংগ্রহ কৰে আৰু ইয়াৰে ৭৮,৭৬১জন পজিটিভ হয়৷ এদিনত সর্বাধিক আক্রান্তৰে দেশত মুঠ আক্রান্তৰ সংখ্যা ৩৫ লাখ অতিক্রম কৰে৷ ইপিনে, ২৪ ঘণ্টাত ৯৪৮জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৬৪ হাজাৰ অতিক্রম কৰে৷ বিশ্বৰ সর্বাধিক আক্রান্তৰ তালিকাত তৃতীয় স্থানত থকা দেশ ভাৰতে মৃতকৰ তালিকাতো তৃতীয় স্থানত আছে৷ আক্রান্ত আৰু মৃতকৰ তালিকাত ভাৰতৰ আগত আছে প্রথম স্থানত আমেৰিকা যুক্তৰাষ্ট্র আৰু দ্বিতীয় স্থানত ব্রাজিল৷ উল্লেখ্য যে ১৩০ কোটি জনসংখ্যাৰ দেশখনত এতিয়ালৈকে ৪ কোটিতকৈ অধিক লোকৰ ক’ভিড–১৯ পৰীক্ষণ কৰা হৈছে আৰু ইয়াৰে ভিতৰত ৩০.৫৫ লক্ষাধিক লোক আক্রান্ত হৈছে৷ আনপিনে মৃত্যু ঘটিছে ৬৪ সহস্রাধিকৰ৷ তাৎপর্যপূর্ণ যে দেশত ক’ভিড–১৯ৰ প্রাদুর্ভাৱ ঘটাৰ ১১০ দিনত আক্রান্তৰ সংখ্যাই ১ লাখ অতিক্রম কৰে৷ ১০ লাখ অতিক্রম কৰে মাত্র ৫৯ দিনত৷ তাতোকৈ গুৰুত্বপূর্ণ যে ১০ লাখ পৰা ২০ লাখ হ’বলৈ মাত্র ২১ দিন আৰু ২০ লাখৰ পৰা ৩০ লাখ মাত্র ১৬ দিনতেই হৈছে৷ যোৱা ৭ আগষ্টত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা ২০ লাখ অতিক্রম কৰাৰ পিছত ২৩ আগষ্টত আক্রান্তৰ সংখ্যাই ৩০ লাখ অতিক্রম কৰে৷ ইপিনে, যোৱা ৭ আগষ্টত দেশত প্রথমবাৰৰ বাবে আক্রান্তৰ সংখ্যাই এদিনত ৬০ হাজাৰ অতিক্রম কৰাৰ পিছত ক্রমান্বয়ে এই আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷ যোৱা বৃহস্পতিবাৰে প্রথমবাৰৰ বাবে আক্রান্তৰ সংখ্যা এদিনত ৭৫ হাজাৰ অতিক্রম কৰাৰ পিছত সেই ধাৰা অব্যাহত ৰাখি প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা এদিনত ৭৮,৭৬১জনলৈ বৃদ্ধি পোৱাত বিশ্বত এদিনৰ ভিতৰত সর্বাধিক আক্রান্তৰ অভিলেখৰ গৰাকী হয় দেশখন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে দেশত সুস্থৰ হাৰো ক্রমাৎ বৃদ্ধি পাই আছে৷ এতিয়ালৈকে ২৭ লক্ষাধিক লোক সুস্থ হৈছে৷ আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হৈ থকা সংখ্যাৰ তুলনাত সুস্থৰ হাৰ ৩.৫ গুণ অধিক৷ দেশৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত মহাৰাষ্ট্র আছে৷ ৰাজ্যখনৰ ৭ লক্ষাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ২৪ সহস্রাধিক লোকৰ প্রাণহানি হৈছে৷ ইয়াৰ পিছতেই আক্রান্তৰ তালিকাত তামিলনাডু, অন্ধ্র প্রদেশ, কর্ণাটক, উত্তৰ প্রদেশ, পশ্চিমবংগ আদি ৰাজ্য আছে৷ প্রাণহানি হোৱা ৰাজ্যৰ ভিতৰত শীর্ষত মহাৰাষ্ট্র থকাৰ বিপৰীতে সাত সহস্রাধিকেৰে দ্বিতীয় স্থানত তামিলনাডু, ৫ সহস্রাধিকেৰে তৃতীয় স্থানত কর্ণাটক, চাৰি সহস্রাধিকেৰে চতুর্থ স্থানত দিল্লী, ৩.৫ সহস্রাধিকেৰে পঞ্চম স্থানত অন্ধ্রপ্রদেশ, তিনি সহস্রাধিকেৰে ষষ্ঠ আৰু সপ্তম স্থানত ক্রমে উত্তৰ প্রদেশ, পশ্চিমবংগ, প্রায় ৩ হাজাৰেৰে অষ্টম স্থানত গুজৰাট আৰু এক সহস্রাধিকেৰে নৱম আৰু দশম স্থানত ক্রমে পঞ্জাব আৰু মধ্য প্রদেশ আদি৷

You might also like