নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত মাত্র এমাহতে ২০ লাখ পজিটিভ

ক’ভিড–১৯ৰ বিভীষিকা–ভয়ংকৰ সংকটৰ দিশে দেশ

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ দেশত মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহতা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ দ্রুতগতিত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধিত বিভীষিকাময় পৰিস্থিতিৰ দিশে আগবাঢ়িছে দেশ৷ ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ পাছত আগষ্ট মাহটোত দেশত সর্বাধিক লোক মহামাৰী ভাইৰাছত আক্রান্ত হৈছে৷ আনলক ৩.০ৰ সময়ছোৱাতে দশত প্রতিদিনে ক’ভিড পজিটিভৰ সংখ্যা বৃদ্ধি হৈ এনে পর্যায় পালেগৈ যে বিশ্বৰ ভিতৰতে আগষ্ট মাহটোত সর্বাধিক আক্রান্ত হ’ল ক’ভিড–১৯ত৷ এই মাহটোত দেশত প্রায় ২০ লাখ লোক মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ জুলাই মাহৰ তুলনাত আগষ্টত ৮৪ শতাংশ ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ বৃদ্ধি পাইছে৷ তথ্য মতে, আগষ্টত প্রায় ২০ লাখ লোক দেশজুৰি ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ এই আক্রান্তৰ সংখ্যা বিশ্বজুৰি মহামাৰী ভাইৰাছটোত প্রাদুর্ভাৱৰ পাছত এমাহত সর্বাধিক৷ আগষ্টত এদিনত সর্বাধিক প্রায় ৮০ হাজাৰ আক্রান্তৰে এদিনত আক্রান্তৰ সকলো অভিলেখ ভংগ কৰাৰ পাছত দেশখনত প্রতিদিনে গড়ে আক্রান্তৰ সংখ্যা ৬৪ হাজাৰ৷ তাৎপর্যপূর্ণ যে বিশ্বৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা আমেৰিকা যুক্তৰাষ্ট্রতকৈও আগষ্টত ভাৰতত আক্রান্তৰ সংখ্যা অধিক৷ আমেৰিকাত প্রতিদিনে গড়ে ৪৭ হাজাৰ আক্রান্ত হৈছে৷ অর্থাৎ ভাৰতত প্রতিদিনে আমেৰিকাতকৈ গড়ে ১৩ হাজাৰকৈ অধিক লোক ঘাতক ভাইৰাছটোত আক্রান্ত হৈছে৷ দেশত আক্রান্তৰ ভয়াৱহতা ইমানেই বেছি যে ই এছিয়াৰ সর্বাধিক ক্ষতিগ্রস্ত দেশ হিচাপে পৰিগণিত হৈছে৷ নতুনকৈ আক্রান্তৰ সংখ্যা বিশ্বব্যাপী প্রতিদিনে আক্রান্তৰ ৩০ শতাংশ দেশত৷ আনপিনে, বিশ্বজুৰি প্রতিদিনে প্রাণহানি হোৱা লোকৰ ভিতৰত ২০ শতাংশই ভাৰতৰ৷ দেশখনত আগষ্ট মাহত ২৮ হাজাৰতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে৷ মন কৰিবলগীয়া যে মহাৰাষ্ট্র হৈছে দেশৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা ৰাজ্য৷ ইয়াৰ পাছতেই তামিলনাডু আছে৷ আগষ্টত উত্তৰ প্রদেশ, ঝাড়খণ্ড, ছত্তিশগড়, ওড়িশা, কর্ণাটক, অন্ধ্রপ্রদেশ আদিত দ্রুতগতিত আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাত দেশত আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি হৈছে৷ সম্প্রতি বিশ্বৰ ভিতৰত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত তৃতীয় স্থানত থকা ভাৰতত আক্রান্তৰ সংখ্যাই ৩৭ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ৬৫ হাজাৰ অতিক্রম কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে দেশত ৪.২৩ কোটিৰ অধিক লোকৰ ক’ভিড–১৯ পৰীক্ষণ কৰা হৈছে আৰু ইয়াৰ ভিতৰত আক্রান্তৰ সংখ্যাই ৩৭ লাখ অতিক্রম কৰিছে৷ দেশখনত আক্রান্তৰ বিপৰীতে সুস্থতাৰ হাৰ বিশ্বৰ আন দেশৰ তুলনাত অধিক উন্নত৷ এতিয়ালৈকে ২৮ লক্ষাধিক লোক ক’ৰোনাৰ পৰা সুস্থ হৈ উঠিছে৷ মন্ত্রালয়ৰ তথ্য মতে, প্রতি ১০০জন আক্রান্তৰ ভিতৰত ৭৭জন সুস্থ হৈ উঠিছে৷ আনপিনে, দেশত মৃতকৰ হাৰ বিশ্বৰ আন দেশৰ তুলনাত কিছু কম৷ তথ্য মতে, প্রতি ১০০ আক্রান্তৰ বিপৰীতে মৃতকৰ শতাংশ ২তকৈ কম৷ গুৰুত্বপূর্ণ যে দেশজুৰি ক’ভিড–১৯ পৰীক্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে আক্রান্তৰ সংখ্যাও প্রতিদিনে বৃদ্ধি পোৱা বুলি স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰিছে৷ অৱশ্যে দেশত প্রতি লাখৰ বিপৰীতে প্রায় ৩২ হাজাৰ পৰীক্ষণ কৰি থকা হৈছে৷ এই হাৰ তুলনামূলকভাৱে এতিয়াও নিম্ন৷ উদ্বিগ্ণতাৰ বিষয় যে চহৰাঞ্চলতকৈ এই ঘাতক ভাইৰাছটোৰ সংক্রমণ গ্রামাঞ্চললৈ অধিক সম্প্রসাৰণ হৈছে৷

You might also like