লোকসভাত প্রধানমন্ত্রীঃ বিৰোধীৰ অপপ্রচাৰৰ বলি হৈছে কৃষক
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ কৃষি সংস্কাৰৰ তিনি আইনৰ পক্ষত সবল যুক্তি প্রদর্শন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি লোকসভাত কংগ্রেছসহ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ চলিত বাজেট অধিৱেশনৰ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাৱ বিতর্কত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তিনি কৃষি আইনক লৈ কংগ্রেছসহ বিৰোধীয়ে অপপ্রচাৰ– উৰাবাতৰি বিয়পোৱাৰ অভিযোগ তোলাই নহয়, বিৰোধীৰ অপপ্রচাৰৰ কৃষকসকল বলি হৈছে বুলি সমালোচনা কৰে৷ ৰাষ্ট্রপতিৰ ভাষণত ভাৰতৰ সংকল্প শক্তি প্রতিফলিত হোৱাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে আত্মনির্ভৰ ভাৰতৰ পৰা কেন্দ্রীয় চৰকাৰৰ আয়ুস্মান ভাৰতলৈকে বিভিন্ন ফলপ্রসূ আঁচনিৰ বিষয়ে ভাষণত প্রকাশ কৰে৷ প্রধানমন্ত্রী মোদীয়ে নতুন কৃষি আইনক লৈ বক্তব্য আগবঢ়োৱাৰ লগে লগে কংগ্রেছসহ বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে৷ তদুপৰি লোকসভাত কংগ্রেছৰ দলপতি অধীৰৰঞ্জন চৌধুৰীয়ে প্রধানমন্ত্রী মোদীয়ে ভাষণ দি থকা অৱস্থাতে বাধা প্রদান কৰে৷ এই সময়ছোৱাত প্রধানমন্ত্রী মোদীয়ে নিজৰ ভাষণ কিছু সময় বন্ধ ৰাখি পিছলৈ উদাত্ত কণ্ঠেৰে কয়– সদনত কংগ্রেছসহ বিৰোধীয়ে সুপৰিকল্পিত ৰণনীতিৰে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰিছে, সদন কক্ষ ত্যাগ কৰিছে৷ যাতে প্রকৃত সত্য কৃষকৰ ওচৰলৈ নাযায়৷ ৰাজ্যসভাত ৰাষ্ট্রপতিৰ ভাষণৰ ধন্যবাদসূচক বিতর্কত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে তিনি কৃষি আইন, কৃষকৰ আন্দোলন আৰু এম এছ পি সন্দর্ভত যি মন্তব্য প্রকাশ কৰিছিল, লোকসভাতো আজি অনুৰূপ মন্তব্য আগবঢ়ায়৷ কৃষক আন্দোলনৰ ভাবনাক কেন্দ্রীয় চৰকাৰে সন্মান জনোৱা বাবেই প্রতিবাদী কৃষকৰ প্রতিনিধিৰে নিয়মীয়াভাৱে আলোচনাত মিলিত হোৱাৰ প্রসংগত প্রধানমন্ত্রী মোদীয়ে এম এছ পি থাকিব, কোনো মাণ্ডি বন্ধ কৰা নহ’ব বুলি নিশ্চিতি দিয়ে৷ কৃষি আইনক লৈ বিৰোধী কংগ্রেছ দ্বিবিভক্ত হোৱা বুলি সমালোচনাৰে প্রধানমন্ত্রী মোদীয়ে কয় যে কংগ্রেছ এটা দ্বিবিভক্ত দল৷ ৰাজ্যসভাত জ্যেষ্ঠ নেতাসকলে বিষয়টোক গভীৰতাৰে আলোচনা কৰে আৰু লোকসভাত ইয়াৰ বিপৰীত ছবি প্রতিফলিত হয়৷
লোকসভাৰ মজিয়া কংগ্রেছ সাংসদসকলে ত্যাগ কৰাৰ পাছতো প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ অব্যাহত ৰাখে৷ কৃষি আইনক লৈ কংগ্রেছসহ বিৰোধীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ কৃষকৰ কল্যাণ–প্রগতিৰ কাৰণে পুৰণি ধাৰণাক সংস্কাৰ কৰা হৈছে৷ কিয়নো পুৰণি ধ্যান–ধাৰণাৰে দেশৰ কৃষক আগবাঢ়িব নোৱাৰে, নোৱাৰে দেশ৷ কৃষক আন্দোলনৰ সময়ত সংঘটিত হিংসাক সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– মই বিবেচনা কৰোঁ কৃষক আন্দোলন পৱিত্র হওক৷ কিন্তু যেতিয়া আন্দোলনজীৱীয়ে পৱিত্র আন্দোলনক হাইজেক কৰে, গম্ভীৰ অপৰাধৰ কাৰণে ফেশ্বনধাৰীয়ে কাৰাগাৰলৈ যায়, ই কি বিষয়ক সেৱা? টোল প্লাজাৰ কর্মীক কামৰ অনুমতি নিদিয়া, টেলিকম টাৱাৰ ধ্বংস, ই কি পৱিত্র আন্দোলন বুজায়? এই বাবেই আন্দোলনকাৰী আৰু আন্দোলনজীৱীৰ মাজত পার্থক্য উলিওৱাটো গুৰুত্বপূর্ণ৷ মহামাৰী ক’ভিড–১৯–এ সৃষ্টি কৰা জটিল প্রত্যাহ্বানৰ মাজতে দেশৰ জনতাই ‘ভোকেল ফৰ লোকেল’ক আঁকোৱালি লৈছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ আত্মনির্ভৰ ভাৰতৰ কাৰণে দেশত ‘ভোকেল ফৰ লোকেল’ প্রতিধ্বনিত হোৱাটো শুভলক্ষণ আখ্যা দি প্রধানমন্ত্রীগৰাকীয়্ আত্মনির্ভৰ ভাৰতৰ দিশে আগবাঢ়ি যাবলৈ হ’লে আমাক নিজকে সলনি কৰাৰ আৱশ্যক আছে বুলি কয়৷ কংগ্রেছ নেতা মনীষ তিৱাৰীয়ে ক’ৰোনাৰ পৰা ৰক্ষা পোৱাটো ভগৱানৰ আশীর্বাদ বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া হিচাপে প্রধানমন্ত্রীগৰাকীয়্ কয় যে ভগৱানৰ আশীর্বাদেই নহয়, দেশৰ স্বাস্থ্যকর্মী–ক’ভিড অগ্রণী যোদ্ধাৰ ত্যাগ, কঠোৰ পৰিশ্রমৰ বাবেহে দেশত মহামাৰীৰ ভয়াৱহ সংক্রমণ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ ভাষণত অৱহেলিত সীমান্ত আন্তঃগাঁথনিৰ উন্নীতকৰণ, সীমান্ত সুৰক্ষাৰ হকে প্রতিৰক্ষা বাহিনীৰ দায়বদ্ধতা, সেনাৰ সাহস, শক্তি আৰু ত্যাগক প্রশংসা কৰে৷ দৰিদ্র আৰু মধ্যবিত্ত শ্রেণীৰ নতুন সুযোগ সৃষ্টিৰ কাৰণে আন্তঃগাঁথনি শক্তিশালীকৰণত চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰি থকা বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷