নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ৰ গণৰাজ্য দিৱসৰ পেৰেডৰ আয়োজন; ৬ মহাদেশৰ ২৫ দেশৰ যুৱ প্রতিনিধিৰ অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ দেশৰ ২০২২ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত প্রথমবাৰৰ বাবে ছখন মহাদেশৰ ২৫ দেশৰ যুৱ প্রতিনিধিয়ে অংশগ্রহণ কৰিব৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘আজাদী কী অম্রুত মহোৎসৱ’ কার্যসূচীৰ অংশ হিচাপে ১৫ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ চলিবলগীয়া কার্যসূচীত ২৫খন দেশৰ যুৱ প্রতিনিধি অর্থাৎ এনচিচিৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিব৷

কেন্দ্রীয় মন্ত্রালয়ে প্রকাশ কৰা বিবৃতি মতে, ২৫খন দেশৰ ৩০০তকৈ অধিক এনচিচিৰ কেডেটে পেৰেডত অংশ ল’ব৷ এই দেশকেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, গ্রেট ব্রিটেইন, ফ্রান্স, জাপান, ওমান, ইউএই, ব্রাজিল, আর্জেণ্টিনা, অষ্ট্রেলিয়া, নিউজিলেণ্ড, মৰিছাছ, মোজাম্বিক, নাইজেৰিয়া আৰু চিলিৰ যুৱ প্রতিনিধিয়ে প্রথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্রহণ কৰিব৷ ইয়াৰ উপৰি বাংলাদেশ, নেপাল, ভূটান, ৰাছিয়া, কাজাখাস্তান, ছিংগাপুৰ, কির্গিজ ৰিপ্লাবিক, শ্রীলংকা, মালদ্বীপ আৰু ভিয়েটনাম৷

You might also like